আকৌ আৰম্ভ হ’ব Nokia 110 ৰ যুগ : কাইলৈৰ পৰা বিক্ৰী আৰম্ভ, অতি কম দামত বহু সুবিধাৰে নতুন অৱতাৰ

Nokia 110

নতুন ন'কিয়া ১১০ ফোন

এছএমডি গ্লোবেলে গ্ৰাহকক আবেগিক কৰি তুলি বজাৰত এটা নতুন ফোন মুকলি কৰে। অলপতে কোম্পানীটোৱে Nokia 7.2 আৰু Nokia 6.2 নামৰ দুটা স্মাৰ্ট ফোন বজাৰত মুকলি কৰিছিল।

এতিয়া মোবাইল ফোনৰ বজাৰত নতুন Nokia 110 ফোন উপলব্ধ হ’ব। ১৮ অক্টোবৰৰ পৰা Nokia 110ৰ বিক্ৰী আৰম্ভ হ’ব। কোম্পানীয়ে নতুন Nokia 110 ফোনক মনোৰঞ্জনধৰ্মী ৰূপত সজাইছে আৰু ভালেমান নতুন সুবিধা উপলব্ধ কৰিছে।

Nokia 110 ক কোম্পানীয়ে বাৰ্লিনত অনুষ্ঠিত হোৱা আই এফ এ ২০১৯ৰ সময়ত মুকলি কৰিব বুলি ঘোষণা কৰিছিল।

এই ফোনটোত এফ এম ৰেডিঅ’, এম পি ৩ প্লেয়াৰ আৰু ক্লাছিক স্নেক গেমৰ সুবিধা সংলগ্ন কৰা হৈছে।

নতুনকৈ মুকলি কৰা Nokia 110 ফোনটোৰ বজাৰ মুল্য ১৫৯৯ টকা হ’ব বুলি জানিব পৰা গৈছে আৰু নীলা, কলা আৰু গুলপীয়া ৰঙত প্ৰথমতে ইয়াক মুকলি কৰি দিয়া হ’ব।

নতুন Nokia 110 ফোনত ১.৭৭ ইঞ্চিৰ QVGA ডিছপ্লে থকাৰ লগতে ইয়াৰ শৰীৰভাগ প্লাষ্টিকেৰে নিৰ্মিত।

ফোনটোত এফ এম ৰোডিঅ’ৰ লগতে মেম’ৰি কাৰ্ড সংযোগ কৰাৰ নতুন ব্যৱস্থা উপলব্ধ কৰা হৈছে।

প্ৰায় দশকৰ পূৰ্বে অতি জনপ্ৰিয় হোৱা ক্লাছিক স্নেকছ খেলবিধো ফোনটোত ব্যৱহাৰকাৰীৰ নষ্টালজিয়াক সোঁৱৰণ কৰি সংলগ্ন কৰা হৈছে।

নতুন Nokia 110 ফোনত কেমেৰাৰ লগতে টৰ্চ লাইটৰ সুবিধা দিয়া হৈছে। ইয়াৰ বেটাৰী ক্ষমতা হৈছে ৮০০এম এ এইচ। কোম্পানীৰ ফালৰ পৰা ফোনটোৰ বেটাৰীয়ে ১৮ দিন পৰ্য্যন্ত বেকআপ দিবলৈ সক্ষম হ’ব।