• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পদত্যাগ কৰিলে অৰবিন্দ কেজৰিৱালে : কোন হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? পত্নী নে আতিশী?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 16, 2024 5:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে অৰবিন্দ কেজৰিৱালে। ২০১৫ চনৰ পৰা দুটা কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি শেষত পদত্যাগ কৰিবলগা হ’ল জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে। সুৰাৰ গোচৰত প্ৰায় ছমাহ কাৰাবন্দী হৈ কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত কেজৰিৱালে পদত্যাগ কৰাৰ কাৰণ সন্দৰ্ভত এতিয়া বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

বিদায়ী মুখ্যমন্ত্ৰী হিচাপে তেওঁ সোমবাৰে চৰকাৰৰ অধিক জনমুখী আঁচনি ঘোষণা কৰাৰ সম্ভাৱনা আছে। অহা বছৰৰ ফেব্ৰুৱাৰী মাহত দিল্লী বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। কেজৰিৱালে বিচাৰে যে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভাৰ লগতে অহা নৱেম্বৰ মাহত দিল্লীতো নিৰ্বাচন অনুষ্ঠিত হওক।  যদি  নিৰ্বাচন আয়োগে এই দাবী মানি লয়, তেন্তে ডেৰ-দুমাহৰ বাবে দায়িত্ব ল’ব নতুন মুখ্যমন্ত্ৰীয়ে।

Apply Now

আপ পুনৰ ক্ষমতালৈ আহিলে নতুন মুখ্যমন্ত্রীগৰাকীৰ ভৱিষ্যত কি হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ দল আৰু প্ৰশাসনৰ ভূমিকাৰ ক্ষেত্ৰত মন্ত্ৰী আতিশী সকলোতকৈ আগবাঢ়ি আছে। তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যালয়ৰ মন্ত্ৰী। একে সময়তে দলীয় আৰু প্ৰশাসনিক বিষয়ক লৈ সংবাদ মাধ্যমত সঘনাই দেখা যায় আতিশীক। এইবাৰ কাৰাবন্দী কেজৰিৱালে দিল্লী চৰকাৰৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ দায়িত্বও আতিশীকে প্ৰদান কৰে।

আনহাতে, কেজৰিৱালৰ হ্ৰস্বম্যাদী উত্তৰাধিকাৰী হিচাপে নিৰ্বাচিত হৈছে দলৰ গুৰুত্বপূৰ্ণ নেতা গোপাল ৰায়। জন্মৰ পৰাই তেওঁ দলৰ ফ্ৰণ্টলাইন নেতা হিচাপে পৰিগণিত হৈছে। ৰায়ক দ্বিতীয় মনীষ ছিছ’দিয়া বুলি কোৱা হয়। আন এজন মন্ত্ৰী সৌৰভ ভৰদ্বাজৰ নামো চৰ্চা চলি আছে। কৈলাশ গেহলট, ইমৰাণ হুছেইনৰ নামো বিবেচনাধীন হৈ আছে।

আপৰ সূত্ৰ অনুসৰি দলটোৰ অধিকাংশ নেতা-মন্ত্ৰী-বিধায়ক-সাংসদে এই তিনিজনৰ ভিতৰত এজন মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা বেছি বুলি ভাবে, কিন্তু তেওঁলোকে কেজৰিৱালৰ পত্নী সুনীতাক সম্ভাৱনাৰ বাহিৰত ৰখা নাই। কেজৰিৱাল জেললৈ যোৱাৰ পিছত তেৱোঁ দলৰ মুখ হৈ পৰিছে। আনকি ভাৰত মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ ৰাজহুৱা সভাতো দলৰ হৈ ভাষণ দিছিল সুনীতাই। স্বাভাৱিকতে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা নুই কৰা হোৱা নাই।

উল্লেখ্য যে বিয়াৰ আগৰে পৰা কেজৰিৱাল আৰু সুনীতা সহকৰ্মী আছিল। দুয়োজন ভাৰতীয় ৰাজহ সেৱাৰ প্ৰাক্তন বিষয়া। দুয়োজনে আয়কৰ বিভাগত দীৰ্ঘদিন ধৰি উচ্চ পদবীত কাৰ্যনিৰ্বাহ কৰি আহিছে। কেজৰিৱালে চাকৰি এৰি ২০১০ চনত ৰাজনীতিত যোগদান কৰে। ২০১৬ চনত সুনীতাই স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছিল। কেজৰিৱালক গ্ৰেপ্তাৰৰ পূৰ্বে ৰাজনীতিৰ ৰাজহুৱা ক্ষেত্ৰখনত নহ’লেও দলৰ দৈনন্দিন কাম-কাজৰ লগত জড়িত আছিল।

এতিয়া জল্পনা-কল্পনা হৈছে যে লালু প্ৰসাদৰ দৰে কেজৰিৱালেও পত্নীক মুখ্যমন্ত্ৰীৰ চকী দিব নেকি? ডেৰ-দুই দশকৰ পূৰ্বে পশুখাদ্য কেলেংকাৰিৰ অভিযুক্ত লালু প্ৰসাদ যাদৱে গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে পত্নী ৰাবৰি দেৱীক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিছিল। ইয়াৰ পূৰ্বে কেজৰিৱালৰ দৰে বিহাৰৰ নেতাগৰাকীয়েও বিভিন্ন ধৰণে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিছিল।

অৱশ্যে ৰাবৰি দেৱী আৰু কেজৰিৱালৰ পত্নী সুনীতাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। ৰাবৰি দেৱী আছিল এগৰাকী সাধাৰণ গৃহিণী। ভোজপুৰীৰ বাহিৰে আন কোনো ভাষা নাজানিছিল তেওঁ। কিন্তু তাৰ পৰিৱৰ্তে যথেষ্ট দক্ষ আৰু শিক্ষিত কেজৰিৱালৰ পত্নী।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd