অস্কাৰৰ শ্ৰেষ্ঠ ছবিৰ সন্মান ‘নোমাডল্যাণ্ড’লৈ; আৰু কোনে কোনে পালে শ্ৰেষ্ঠত্বৰ খিতাপ?

Oscars final

এইবছৰৰ অস্কাৰৰ বঁটাসমূহ ঘোষণা কৰা হৈছে। এইবাৰ দুটাকৈ ভেন্যুত অনুষ্ঠিত হৈছিল অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান। ডলভি থিয়েটাৰৰ লগতে লছ এঞ্জেলছৰ য়ুনিয়ন ষ্টেশ্যনতো অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।

অনুষ্ঠানত উপস্থিত থকা সকলো দৰ্শকৰে কোভিড-টেষ্ট সম্পন্ন কৰা হৈছিল। অনুষ্ঠানত থকা তাৰকা তথা পৰিচালকসকলেও কোভিডৰ নিগেটিভ ৰিপ’ৰ্ট লৈ একাডেমী এৱাৰ্ডত অংশ লৈছিল।

এইবাৰ অস্কাৰত চিত্ৰগৃহত মুক্তি লাভ কৰা চলচ্চিত্ৰৰ লগতে ৱেব প্লেটফৰ্মত মুক্তি পোৱা ছবিয়েও মনোনয়নত স্থান পাইছিল।

যোৱা ১৫ মাৰ্চত মনোনয়নৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হৈছিল। ভাৰতৰ পৰা প্ৰেৰণ কৰা ‘জাল্লিকাট্টু’ৱে স্থান লাভ কৰা নাছিল যদিও শ্ৰেষ্ঠ এডাপ্টেড স্ক্ৰিণ প্লে কেটেগুৰিত আছিল প্ৰিয়ংকা চোপ্ৰা, ৰাজকুমাৰ ৰাও, আদৰ্শ গৌৰৱৰ ‘দ্য হোৱাইট টাইগাৰ’।

কিন্তু অৱশেষত প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় ছবিখন। এই কেটেগুৰিত শ্ৰেষ্ঠ খিতাপ লাভ কৰে এন্টনি হপকিনছ আৰু অলিবিয়া কোলমেন অভিনীত ‘দ্য ফাদাৰ’ ছবিখনে।

এইবছৰ আটাইতকৈ বেছি ১০টা মনোনয়ন লাভ কৰিছিল আমেৰিকাৰ বায়’গ্ৰাফিকেল ড্ৰামা ‘ম্যাঙ্ক’য়ে। প্ৰসিদ্ধ চিত্ৰনাট্যকাৰ হেৰমেন জে ম্যাঙ্কিভিছৰ জীৱন ভিত্তিক ছবিখনৰ মূল ভূমিকাত অভিনয় কৰিছে গেৰী ওল্ডমেনে।

ইয়াৰ পাছতে ছয়টাকৈ মনোনয়ন লাভ কৰিছিল ‘দ্য ফাদাৰ’, ‘জুডাছ এণ্ড দ্য ব্লেক মেছিহা’, ‘মিনাৰি’,’নোমাডল্যাণ্ড’, ‘ছাউণ্ড অফ মেটাল’, আৰু ‘দ্য ট্ৰায়েল অফ ছিকাগো ৭’য়ে।

এইবাৰ সৰ্বাধিক ৩টা অস্কাৰ লাভ কৰিছে ‘নোমাডল্যাণ্ড’ ছবিখনে। এইবাৰৰ অস্কাৰ লাভ কৰা সম্পূৰ্ণ তালিকাখন হ’ল:-

শ্ৰেষ্ঠ ছবি – নোমাডল্যাণ্ড

শ্ৰেষ্ঠ পৰিচালক – ক্লোয়ি জাও (নোমাডল্যাণ্ড)

শ্ৰেষ্ঠ অভিনেতা – এন্টনি হপকিনছ (দ্য ফাদাৰ)

শ্ৰেষ্ঠ অভিনেত্রী – ফ্র্যান্সিস ম্যেকডৰম্যাণ্ড (নোমাডল্যাণ্ড)

শ্ৰেষ্ঠ সহ-অভিনেতা – ড্যানিয়েল কালুয়া (জুডাছ এণ্ড দ্য ব্লেক মেছিহা)

শ্ৰেষ্ঠ সহ-অভিনেত্রী – ইউন ইয়হ জং (মিনাৰি)

শ্ৰেষ্ঠ মৌলিক চিত্রনাট্য – এমাৰেল্ড ফেনেল (প্রমাইছিং ইয়াং ওমেন)

শ্ৰেষ্ঠ এডাপ্টেড চিত্রনাট্য – ক্রিষ্টোফাৰ হ্যাম্পটন এন্ড ফ্লোৰিয়ান জেলাৰ (দ্য ফাদাৰ)

শ্ৰেষ্ঠ এনিমেটেড ফিচাৰ ফিল্ম – ছোল

শ্ৰেষ্ঠ আন্তর্জাতিক ফিচাৰ ফিল্ম – এনাদাৰ ৰাউন্ড (ডেনমার্ক)

শ্ৰেষ্ঠ তথ্যচিত্র (ফিচাৰ) – মাই অক্টোপাছ টিচাৰ (নেটফ্লিক্সৰ)

শ্ৰেষ্ঠ স্বল্পদৈর্ঘ্যেৰ তথ্যচিত্র – কোলেট (আমেৰিকান)

শ্ৰেষ্ঠ লাইভ একশন শ্বর্ট ফিল্ম – টু ডিছটেন্ট ষ্ট্ৰেঞ্জাৰ্ছ

শ্ৰেষ্ঠ এনিমেটেড শ্বর্ট ফিল্ম – ইফ এনিথিং হেপেনছ আই লাভ ইউ

শ্ৰেষ্ঠ অৰিজিনাল স্কোৰ – ছোল

শ্ৰেষ্ঠ অৰিজিনাল ছং – ‘ফাইট ফৰ ইউ’ (জুডাছ এণ্ড দ্য ব্লেক মেছিহা)

শ্ৰেষ্ঠ আবহ – ছাউণ্ড অফ মেটাল

শ্ৰেষ্ঠ প্রডাকশ্যন ডিজাইন – ম্যাঙ্ক

শ্ৰেষ্ঠ চিনেমাটোগ্রাফি – এৰিক মেচাৰ্ছমিডট (ম্যাঙ্ক)

শ্ৰেষ্ঠ মেকআপ আৰু হেয়াৰ স্টাইল – ছার্জিও লোপেজ-ৰিভেৰা, মিয়া নিল এবং জামিকা উইলছন (মা ৰেনে’ছ ব্লেক ব’টম)

শ্ৰেষ্ঠ সাজ সজ্জা – অ্যান ৰথ (মা ৰেনে’ছ ব্লেক ব’টম)

শ্ৰেষ্ঠ সম্পাদনা – মিকেল ই জি নেলছন (ছাউণ্ড অফ মেটাল)

শ্ৰেষ্ঠ ভিজুৱেল এফেক্ট – টেনেট (পৰিচালনা ক্রিষ্টোফাৰ নোলান)