মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়নপত্ৰ দাখিল

মাজুলীত আজি মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিন

20190111_124318

সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উত্তাল হৈ থকাৰ সময়তে আজি ১১ জানুৱাৰি শুকুৰবাৰে মাজুলীত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচনক লৈ জিলাখন উত্তাল হৈ পৰিছে। মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মনোনয়নপত্ৰ দাখিলৰ আজি অন্তিম দিন হোৱা হেতুকে বিজেপি, সন্মিলিত গণশক্তি অসম, কংগ্ৰেছ আৰু অগপ দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী সকলেও মনোনয়ন পত্ৰ দাখিল কৰে।

মাজুলী জিলাৰ মুঠ ৩টা সমষ্টিত ১৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। ৩২ নং ৰিক্কং সমষ্টিত বিজেপ ৰ প্ৰাৰ্থী নৃপেন কামান, গণশক্তিৰ উমা পাঠৰি, কংগ্ৰেছৰ সোভন দলে আৰু অগপৰ নাগেশ্বৰ দলেই প্ৰাৰ্থিত্ব আগবঢ়াইছে । ৩১ নং ৰাডাং সমষ্টিৰ বাবে মাজুলী জিলা বিজেপিৰ পৰা ত্ৰৈলোক্য গাম, নিৰ্দলীয় হিচাপে ববিতা নৰহ, অগপৰ পৰা গীতামনি নৰহ, কংগ্ৰেছৰ পৰা কমলা লক্ষ্মী পায়াং পগাক, ৩০ নং চাংগা সমষ্টিত বিজেপিৰ পৰা শিশুধৰ দলে কংগ্ৰেছৰ পৰা ৰঞ্জন পেগু, নিৰ্দলীয় হিচাপে প্ৰেমেধৰ দলে অগপৰ পৰা ক্ষেত্ৰনাথ দলে আৰু গণশক্তিৰ পৰা নীল দলেই প্ৰাৰ্থিত্ব আগবঢ়াইছে।

আগন্তুক এমএচি নিৰ্বাচনত আটাইতকৈ আকৰ্ষণীয় যুজঁ খন হ’ব নামনি মাজুলীত। যিহেতু বিজেপিৰ বিপক্ষে শক্তিশালী প্ৰাৰ্থী এমএমকেৰ উমা পাঠৰিয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে। আনহাতে নামনি মাজুলীৰ বিজেপিৰ জনগোষ্ঠীয় মৰ্চাৰ সভাপতি প্ৰফুল্ল পেগুৰ ভাতৃ উৎপল পেগুৱেও প্ৰাৰ্থিত্ব দিয়াত বহুকোণীয়া প্ৰতিদ্বন্দ্বিতা হ’ব বুলি চৰ্চিত হৈছে। আগন্তুক এমএচি নিৰ্বাচনত মাজুলীত কোন প্ৰাৰ্থীয়ে মাৰিব শেষ হাঁহি অৱশ্যে সময়েহে সেয়া নিৰ্ণয় কৰিব।