বিশ্বনাথ চাৰিআলি পৌৰসভা নিৰ্বাচনত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

আগন্তুক পৌৰ সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিৰ্বাচিত হোৱা প্ৰাৰ্থী সকলে আজি দাখিল কৰে মনোনয়ন পত্ৰ ।
বিশ্বনাথ চাৰিআলি পৌৰ সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱা প্ৰাৰ্থী সকল আজি উপস্থিত হয় বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ত ।

বিজেপিৰ লগতে অন্যান্য দলৰ প্ৰাৰ্থী সকল দুপৰীয়া ভাগত জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয় মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে ।

ইফালে বিজেপি দলৰ প্ৰাৰ্থী সকলক উৎসাহিত কৰাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত সহযোগ কৰে বিশ্বনাথ বিশ্বনাথৰ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ ।

১২ টা ৱাৰ্ডৰ আসনক লৈ বিশ্বনাথ চাৰিআলি পৌৰ সভাত এইবাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ।

১৪৯০৯ গৰাকী ভোটাৰে ভাগ্য নিৰ্ধাৰণ কৰিব এইবাৰ বিশ্বনাথ চাৰিআলি পৌৰ সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱা প্ৰাৰ্থী সকলৰ ভাগ্য ।