বিটিচিৰ পৰা আঁতৰিব অবড়ো গাঁও, অন্তৰ্ভুক্ত হ’ব বিটিএডিৰ বাহিৰৰ বড়ো গাঁও : হিমন্ত

সোমবাৰে নিখিল বড়ো ছাত্ৰ সন্থা, এনডিএফবিৰ চাৰিটা গোটৰ মুৰব্বী, বিটিচি প্ৰশাসন, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত স্বাক্ষৰিত হোৱা বড়ো শান্তি চুক্তিৰ পাছতে আজি জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সংবাদমেলত বিটিচিৰ পৰা সম্পূৰ্ণ অবড়ো গাঁওসমূহ আঁতৰিব পাৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ লগতে বিটিএডিৰ বাহিৰৰ বা সীমামুৰীয়া বড়ো গাওঁসমূহ অন্তৰ্ভুক্ত হ’ব পাৰিব বুলি মন্তব্য প্ৰকাশ কৰে।

তেওঁ কয়, ‘BTCৰ পৰা পুৰণা অবড়ো গাঁও আতঁৰিব পাৰিব। সম্পূৰ্ণ অনা বড়ো লোকে বাস কৰা গাঁও আছে বিটিচিত। এই চুক্তিৰ জৰিয়তে অনা বড়ো গাওঁসমূহ এতিয়াৰ পৰা বড়োলেণ্ডৰ পৰা ওলাই অহাৰ সুবিধা লাভ কৰিলে। বিটিচিৰ অন্তৰ্ভুক্ত নোহোৱা বা সীমাত লাগি থকা বড়ো গাঁও এতিয়া ইচ্ছা কৰিলে বড়োলেণ্ডৰ অন্তৰ্ভুক্ত হ’ব পাৰিব। ইয়াৰ জৰিয়তে সামাজিক সংঘাত দূৰীকৰণ হ’ব।‘

ইপিনে, ইয়াক লৈ ৰাজ্য চৰকাৰে এখন কমিচন গঠন কৰিব বুলি জানিবলৈ দি হিমন্ত বিশ্বই কয় ‘উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এজনক অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হ’ব। অবড়ো অথবা বড়োসকল যিসকলে ওলাই আহিব খোজে বা সোমাব খোজে তেন্তে কমিছনৰ ওচৰত আবেদন কৰিব পাৰিব।‘

আনহাতে, অহা ৭ ফেব্ৰুৱাৰীত নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক অসমলৈ আহিবৰ বাবে ইতিমধ্যে আমন্ত্ৰণ জনোৱা হৈছে বুলি জানিবলৈ দি তেওঁ কয় ‘আশা কৰিছো নৰেন্দ্ৰ মোদীয়ে বড়ো চুক্তিত আশীৰ্বাদ দিব। কোকৰাঝাৰত অনুষ্ঠিত হ’ব প্ৰধান মন্ত্ৰীৰ অনুষ্ঠান।‘

তদুপৰি অসমৰ ইতিহাসত কালিৰ দিনটো সোণোৱালী দিন বুলি দাবী কৰি হিমন্ত বিশ্ব শৰ্মাই কয় ‘বিভাজনৰ সম্পূৰ্ণ আশংকা অসমবাসীৰ মনৰ পৰা আঁতৰোৱা হ’ল। বড়ো ৰাইজৰ আশা আকাংক্ষাক সম্পূৰ্ণ সন্মান জনোৱা হৈছে।‘

ইপিনে, বড়োলেণ্ডত নতুনকৈ এখনো অবড়ো গাঁও এখনো অন্তৰ্ভুক্ত নহয় বুলি উল্লেখ কৰি তেওঁ কয় ‘বড়োলেণ্ডৰ বাহিৰত বড়ো গাঁওক লগত লৈ স্বায়ত্ত শাসিত পৰিষদ সৃষ্টি কৰা হ’ব। স্বায়ত্ব শাসিত ব্যৱস্থা টনকিয়াল কৰাৰ লগতে বড়ো ভাষাৰ উত্তৰণ তৰাম্বিত কৰা হ’ব। বড়ো ভাষাক ৰাজ্যৰ সংযোগী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে।‘

তদুপৰি অহা ৩০ জানুৱাৰীত NDFB ৰ চাৰিটা গোটে অস্ত্ৰ সম্বৰণ কৰিব বুলি উল্লেখ কৰি হিমন্তৰ মন্তব্য ‘১৫০০ তকৈ অধিক NDFB কেডাৰে তেওঁলোকৰ সকলো অস্ত্ৰ সম্বৰণ কৰিব। গুৱাহাটী নাইবা ওদালগুৰিত হ’ব অস্ত্ৰ সম্বৰণ অনুষ্ঠান।‘

ইপিনে, অহা ৭ ফেব্ৰুৱাৰিত প্ৰধান মন্ত্ৰী অসমলৈ অহাৰ বাবে অসম সাহিত্য সভাৰ অধিৱেশনত ভাৰতৰ ৰাষ্ট্ৰপতি অংশগ্ৰহণ কৰিবলৈ নাহে বুলিও হিমন্ত বিশ্বই সদৰী কৰে।

আনহাতে, একেখন সংবাদমেলতে নুমলীগড় তেল শোধনাগাৰ ৰাজহুৱা খণ্ডৰ হাততে থাকিব বুলি দাবী কৰে হিমন্তই।

তেওঁ কয় ‘কেন্দ্ৰীয় চৰকাৰে নুমলীগড় তেল শোধানাগাৰক শেহতীয়াকৈ ৰাজহুৱা খণ্ডত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰে। এই শোধানাগাৰ যেতিয়া স্থাপন হয় তেতিয়া ২৬ শতাংশ OIL ৰ হাতত আৰু ৰাজ্য চৰকাৰৰ হাতত ২৬ শতাংশ আছিল। কংগ্ৰেছ চৰকাৰে ৰাজ্য চৰকাৰৰ অংশীদাৰীত্ব ১২.৩ শতাংশলৈ কমাই আনি বাকী অংশ BCPL ক বিক্ৰী কৰি দিছিল। অসম চৰকাৰে নুমলীগড় শোধনাগাৰৰ পূৰ্বৰ ২৬ শতাংশলৈ ঘুৰাই দিবলৈ কেন্দ্ৰীয় চৰকাৰক প্ৰস্তাৱ দিয়া হৈছিল আৰু কেন্দ্ৰীয় চৰকাৰে দায়িত্ব সহকাৰে বিবেচনা কৰি আছে। ৰাজ্য চৰকাৰে প্ৰায় ১৫০০ কোটি টকা খৰচ কৰি BCPL ৰ পৰা বাকী ১৩ শতাংশ ক্ৰয় কৰিব লাগিব। অতিৰিক্ত পুঁজি খৰছ কৰি বা সংগ্ৰহ কৰি এই ধনেৰে অংশীদাৰীত্ব ঘূৰাই আনিবলৈ ৰাজ্য চৰকাৰ প্ৰস্তুত।‘ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।