হ্ৰাস পালে ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

16_03_2019-18_gas_sub_19050405-1140x570-1024x512

প্ৰতিনিধিত্বমূলক ফটো

ৰাজসাহায্যবিহীন গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে। প্ৰতিটো ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ মূল্য ৬২.৫০ টকাকৈ হ্ৰাস কৰা হৈছে।

এতিয়াৰে পৰা প্ৰতিটো ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ’ব ৫৭৪.৫০টকা।

ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ হ্ৰাস পোৱা মূল্য বুধবাৰৰ মাজনিশাৰ পৰাই কাৰ্যকৰী হৈছে।

ভাৰতীয় তৈল নিগমৰ (আই অ’ চি) এক বিবৃতিত এই কথা সদৰী কৰা হৈছে।

উল্লেখযোগ্য যে ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনে যোৱা ১ জুলাইত হ্ৰাস কৰাৰ পাছত পুনৰ এমাহৰ পাছত হ্ৰাস পালে ইয়াৰ মূল্য।

জুলাইত ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনে প্ৰতিটো ৰাজসাহায্যবিহীন ঘৰুৱা এল পি জি চিলিণ্ডাৰত ১০০.০ টকাকৈ টকাকৈ হ্ৰাস কৰিছিল।

সেইদৰে ৰাজসাহায্যবিহীন ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য গুৱাহাটীত আছিল ৬৮১.৫০টকা।

বিগত কেইমাহমানত ঘৰুৱা চিলিণ্ডাৰৰ দৰ ক্ৰমাগতভাৱে বৃদ্ধি পাই অহাৰ পাছত জুলাইৰে পৰা ক্ৰমাগতভাৱে হ্ৰাস পাবলৈ লোৱা চিলিণ্ডাৰৰ মূল্যই স্বাভাৱিকতেই সাধাৰণ ৰাইজক কিছু সকাহ দিব।