NORTHEAST NOW (Assamese)

নাবালিকাৰ যৌন নিৰ্যাতন!প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বি এছ য়েডিউৰাপ্পাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা

June 13, 2024 9:14 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 13, 2024 9:33 pm

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বি এছ য়েডুৰাপ্পাৰ বিৰুদ্ধে নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। POCSO আইনৰ অধীনতইতিমধ্যে এটা গোচৰ ৰুজু হৈছে। এতিয়া বেংগালুৰু আদালতে য়েডিউৰাপ্পাৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে। স্বাভাৱিকতে এই গোচৰত বিজেপিৰ জ্যেষ্ঠ নেতাজনৰ চাপ বৃদ্ধি পাইছে।

এগৰাকী ১৭ বছৰীয়া নাবালিকাৰ মাতৃয়ে নিজৰ কন্যাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছল। সেই ঘটনাৰ অভিযুক্তৰ শাস্তি আৰু ন্যায়ৰ আশাৰ দাবীত কন্যাৰ সৈতে য়েডিউৰাপ্পালৈ গৈছিল। কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰীজনে সহায় কৰাৰ পৰিৱৰ্তে ধৰ্ষিতাক যৌন নিৰ্যাতন চলাইছিল! মহিলাগৰাকীৰ অভিযোগৰ খবৰ পোহৰলৈ অহাৰ লগে লগে দক্ষিণৰ ৰাজনীতিত হুলস্থুলৰ সৃষ্টি হয়।

ইতিমধ্যে চি আই ডিয়ে এই যৌন নিৰ্যাতনৰ গোচৰৰ তদন্ত চলাই আছে। বি এছ য়েডিউৰাপ্পাকো সোধাপোছাৰ বাবে মাতে যদিও কিন্তু সেই চমনৰ কোনো উত্তৰ নিদি আৰু কিছু সময় বিচাৰে। আৰু এতিয়া য়েডিউৰাপ্পা বেংগালুৰুত নাই যেতিয়া তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰা হৈছে। তেওঁ বৰ্তমান দিল্লীত আছে। তেওঁৰ ঘনিষ্ঠ সূত্ৰৰ মতে, বেংগালুৰুলৈ উভতি অহাৰ পাছত য়েডিউৰাপ্পাই তদন্ত প্ৰক্ৰিয়াত যোগদান কৰিব। ৰাজ্যৰ গৃহমন্ত্ৰীয়ে কয় যে চি আই ডিয়ে তদন্ত কৰি আছে, প্ৰয়োজন হ’লে য়েডিউৰাপ্পাক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে।

য়েডিউৰাপ্পাৰ বিৰুদ্ধে মহিলাগৰাকীৰ মূল অভিযোগ, ছোৱালীজনীৰ ধৰ্ষণৰ গোচৰত এখন কমিটি গঠন কৰি তদন্ত কৰিব লাগে বুলি দাবী লৈ য়েডিউৰাপ্পাৰ ওচৰলৈ গৈছিল। কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ কথা শুনি ছোৱালীজনীক কাষৰ কোঠালৈ লৈ গৈ দুৱাৰখন বন্ধ কৰি দিলে। অন্ততঃ ৫ মিনিট সিহঁত ভিতৰত আছিল! ঘৰৰ পৰা ওলাই অহাৰ পাছত যেতিয়া য়েডিউৰাপ্পাক জেৰা কৰা হ’ল, তেতিয়া তেওঁ ক’লে যে তেওঁ নাবালিকাগৰাকীক সঁচাকৈয়ে ধৰ্ষণ কৰা হৈছে নে নাই পৰীক্ষা কৰি আছে! একে সময়তে বিষয়টোৰ বাহিৰত কাকো নক’বলৈ নিৰ্দেশ দিলে!

অৱশ্যে য়েডিউৰাপ্পাৰ কাৰ্যালয়ে এই অভিযোগ খাৰিজ কৰে। বৰঞ্চ তেওঁলোকৰ দাবী, এই মহিলাগৰাকীয়ে নিজৰ কন্যাক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৫৩টা গোচৰ ৰুজু কৰিছে।আৰু এই গোচৰ সকলো ভুৱা।

Related News