• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত ফুটবল একাডেমি খুলিব নৰ্থ-ইষ্ট য়ুনাইটেডে; মাটিৰ সন্ধানত আছে জন আব্ৰাহাম

এন ই নাও নিউজ by এন ই নাও নিউজ
October 3, 2018 12:19 pm
John
450
VIEWS
Share on FacebookShare on Twitter

অসমত ফুটবল একাডেমি গঢ়ি তুলিবলৈ নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি বদ্ধ পৰিকৰ। নৰ্থ-ইষ্ট য়ুনাইটেডৰ স্বত্বাধিকাৰী জন আব্ৰাহামে সংবাদ মাধ্যমক এই কথা সদৰী কৰি কয় যে গুৱাহাটীলৈ সলনি কৰা হৈছে একাডেমীৰ স্থান। এখন বিশ্বমানৰ ফুটবল একাডেমি গঢ়ি তুলিবলৈ এতিয়া আমাক ভূমিৰ প্ৰয়োজন।

উল্লেখ্য যে আই এছ এলত উত্তৰ-পূবক প্ৰতিনিধিত্ব কৰি নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি নামেৰে দল গঠন কৰি গুৱাহাটীক গৃহভূমি হিচাপে লোৱা দলটোৰ স্বত্বাধিকাৰীয়ে অসমত ফুটবল একাডেমি স্থাপন কৰাৰ ক্ষেত্ৰত সদাই নেতিবাচক ভূমিকা গ্ৰহণ কৰি অহাৰ এক দীঘলীয়া অভিযোগ উত্থাপন হৈ আহিছে।

এই সন্দৰ্ভত জন আব্ৰাহামে কয়, ‘নৰ্থ-ইষ্ট য়ুনাইটেডে এ এফ চিৰ ক্লাব লাইচেন্স পাইছে। আই এছ এলত অংশগ্ৰহণ কৰা মাত্ৰ পাঁটচা ক্লাবেহে এই লাইচেন্স পাইছে। গতিকে উত্তৰ-পূবত ফুটবলৰ ভৱিষ্যতক লৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। বিশ্বৰ আগশাৰীৰ ক্লাবসমূহৰ দৰে ইয়াত আমি একাডেমী স্থাপন কৰিম। আমাৰ লক্ষ্য হৈছে ১৩, ১৫, ১৮, ২০ বছৰৰ তলৰ নৰ্থ-ইষ্ট য়ুনাইটেড ক্লাব গঢ়াৰ। আৰু ইয়াৰ পৰাই যাতে আমাৰ ছিনিয়ৰ দলটো গঠন হয়।‘

অসমৰ ক্ৰীড়াই বিশেষ দিশত আগবাঢ়িছে। ইয়াৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। চৰকাৰৰ সহযোগত ফুটবলক আগবঢ়াই লৈ যাম বুলিও জন আব্ৰাবামে মন্তব্য কৰে।

ইফালে জন আব্ৰাহামে স্প্ৰিণ্টাৰ হিমা দাসৰ প্ৰশংসাতো পঞ্চমুখ হৈ পৰা পৰিলক্ষিত হয়। তেওঁ হিমা সন্দৰ্ভত কয় যে ফিনলেণ্ডৰ টেম্পেৰেত অনুষ্ঠিত হোৱা  বিশ্ব চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰৰ স্বৰ্ণ জয়ৰ দৌৰ আৰু জাকাৰ্টা এছিয়ান গেইমছৰ দৌৰ এতিয়াও মোৰ চকুত ভাহি আছে। তেওঁ ট্ৰেকত যিদৰে দৌৰিলে তাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। হিমাৰ সফলতাৰ বাবে অসমবাসী, দেশবাসী আৰু নৰ্থ-ইষ্ট য়ুনাইটেডৰ যুঁজাৰুসকল গৰ্বিত।

উল্লেখ্য যে নৰ্থ-ইষ্ট য়ুনাইটেডে চিলঙতো এখন ফুটবল একাডেমি স্থাপন কৰিব বুলি জানিবলৈ দিয়ে। তেওঁ এই সন্দৰ্ভত কয় যে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই একাডেমিৰ বাবে উপযুক্ত মাটি প্ৰদান কৰিব বুলি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। মাটি আৱণ্টন হ’লেই একাডেমিৰ কাম আৰম্ভ কৰিব বুলি নৰ্থ-ইষ্ট য়ুনাইটেডৰ স্বত্বাধিকাৰী জন আব্ৰাহামে জনায়।

Recent News

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

সেনাক অপমান মধ্যপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী জগদীশ দেৱদাৰ

সেনাক অপমান মধ্যপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী জগদীশ দেৱদাৰ

ন্যায়াধীশ বেলা ত্ৰিবেদীৰ অৱসৰগ্ৰহণ, বিদায় অনুষ্ঠান আয়োজন কৰাৰ পৰা বিৰত থাকিল ছুপ্ৰীম কোৰ্ট বাৰ এছ’চিয়েশ্যন

ন্যায়াধীশ বেলা ত্ৰিবেদীৰ অৱসৰগ্ৰহণ, বিদায় অনুষ্ঠান আয়োজন কৰাৰ পৰা বিৰত থাকিল ছুপ্ৰীম কোৰ্ট বাৰ এছ’চিয়েশ্যন

মিত্ৰতা এতিয়া মৃত! বিৰোধীৰ ‘ইণ্ডিয়া’ ঐক্যৰ কোনো ভৱিষ্যত নাই : বিস্ফোৰক মন্তব্য পি চিদাম্বৰমৰ

মিত্ৰতা এতিয়া মৃত! বিৰোধীৰ ‘ইণ্ডিয়া’ ঐক্যৰ কোনো ভৱিষ্যত নাই : বিস্ফোৰক মন্তব্য পি চিদাম্বৰমৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd