গুৱাহাটীত ফুটবল একাডেমি খুলিব নৰ্থ-ইষ্ট য়ুনাইটেডে; মাটিৰ সন্ধানত আছে জন আব্ৰাহাম
অসমত ফুটবল একাডেমি গঢ়ি তুলিবলৈ নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি বদ্ধ পৰিকৰ। নৰ্থ-ইষ্ট য়ুনাইটেডৰ স্বত্বাধিকাৰী জন আব্ৰাহামে সংবাদ মাধ্যমক এই কথা সদৰী কৰি কয় যে গুৱাহাটীলৈ সলনি কৰা হৈছে একাডেমীৰ স্থান। এখন বিশ্বমানৰ ফুটবল একাডেমি গঢ়ি তুলিবলৈ এতিয়া আমাক ভূমিৰ প্ৰয়োজন।
উল্লেখ্য যে আই এছ এলত উত্তৰ-পূবক প্ৰতিনিধিত্ব কৰি নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি নামেৰে দল গঠন কৰি গুৱাহাটীক গৃহভূমি হিচাপে লোৱা দলটোৰ স্বত্বাধিকাৰীয়ে অসমত ফুটবল একাডেমি স্থাপন কৰাৰ ক্ষেত্ৰত সদাই নেতিবাচক ভূমিকা গ্ৰহণ কৰি অহাৰ এক দীঘলীয়া অভিযোগ উত্থাপন হৈ আহিছে।
এই সন্দৰ্ভত জন আব্ৰাহামে কয়, ‘নৰ্থ-ইষ্ট য়ুনাইটেডে এ এফ চিৰ ক্লাব লাইচেন্স পাইছে। আই এছ এলত অংশগ্ৰহণ কৰা মাত্ৰ পাঁটচা ক্লাবেহে এই লাইচেন্স পাইছে। গতিকে উত্তৰ-পূবত ফুটবলৰ ভৱিষ্যতক লৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। বিশ্বৰ আগশাৰীৰ ক্লাবসমূহৰ দৰে ইয়াত আমি একাডেমী স্থাপন কৰিম। আমাৰ লক্ষ্য হৈছে ১৩, ১৫, ১৮, ২০ বছৰৰ তলৰ নৰ্থ-ইষ্ট য়ুনাইটেড ক্লাব গঢ়াৰ। আৰু ইয়াৰ পৰাই যাতে আমাৰ ছিনিয়ৰ দলটো গঠন হয়।‘
অসমৰ ক্ৰীড়াই বিশেষ দিশত আগবাঢ়িছে। ইয়াৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। চৰকাৰৰ সহযোগত ফুটবলক আগবঢ়াই লৈ যাম বুলিও জন আব্ৰাবামে মন্তব্য কৰে।
ইফালে জন আব্ৰাহামে স্প্ৰিণ্টাৰ হিমা দাসৰ প্ৰশংসাতো পঞ্চমুখ হৈ পৰা পৰিলক্ষিত হয়। তেওঁ হিমা সন্দৰ্ভত কয় যে ফিনলেণ্ডৰ টেম্পেৰেত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰৰ স্বৰ্ণ জয়ৰ দৌৰ আৰু জাকাৰ্টা এছিয়ান গেইমছৰ দৌৰ এতিয়াও মোৰ চকুত ভাহি আছে। তেওঁ ট্ৰেকত যিদৰে দৌৰিলে তাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। হিমাৰ সফলতাৰ বাবে অসমবাসী, দেশবাসী আৰু নৰ্থ-ইষ্ট য়ুনাইটেডৰ যুঁজাৰুসকল গৰ্বিত।
উল্লেখ্য যে নৰ্থ-ইষ্ট য়ুনাইটেডে চিলঙতো এখন ফুটবল একাডেমি স্থাপন কৰিব বুলি জানিবলৈ দিয়ে। তেওঁ এই সন্দৰ্ভত কয় যে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই একাডেমিৰ বাবে উপযুক্ত মাটি প্ৰদান কৰিব বুলি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। মাটি আৱণ্টন হ’লেই একাডেমিৰ কাম আৰম্ভ কৰিব বুলি নৰ্থ-ইষ্ট য়ুনাইটেডৰ স্বত্বাধিকাৰী জন আব্ৰাহামে জনায়।