উত্তৰ-পূব বন্ধ; বিভিন্ন বিশ্ববিদ্যালয়ে সলনি কৰিলে পৰীক্ষা সূচী

Cotton University

কটন বিশ্ববিদ্যালয়ৰ প্ৰৱেশ দ্বাৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থাই ১০ ডিচেম্বৰত আহ্বান জনোৱা উত্তৰ-পূব বন্ধৰ পৰিপ্ৰেক্ষিতত কটন বিশ্ববিদ্যালয়ে উক্ত দিনাৰ পৰীক্ষাকে ধৰি সকলো ধৰণৰ পাঠদান বাতিল কৰিছে।

এটা প্ৰেছ বিজ্ঞপ্তিত সোমবাৰে কটন বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰণ বিভাগৰ তৰফৰ পৰা পৰৱৰ্তী সময়ত নতুন পৰীক্ষা সূচী ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে।

কটন বিশ্ববিদ্যালয়ৰ লগতে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়েও স্নাতকোত্তৰ পৰীক্ষা সূচীৰ সালসলনি ঘটাইছে।

স্নাতকোত্তৰৰ প্ৰথম ষান্মাসিকৰ আৰু আই এম এছৰ পঞ্চম ষান্মাসিকৰ ১০ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া পেপাৰ-১.০৩ আৰু পেপাৰ-৫.০৩ৰ পৰীক্ষা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব।

আনহাতে, আই এম এছ প্ৰথম ষান্মাসিকৰ ইংৰাজী বিষয়ৰ পৰীক্ষা ১৭ ডিচেম্বৰৰ পৰিৱৰ্তে ১৮ ডিচেম্বৰত অনুষ্ঠিত হ’ব।

সেই মৰ্মে ডিব্ৰুগড় বিশ্ববিদ্যালয়েও ইয়াৰ পৰীক্ষা সূচীৰ সালসলনি ঘটাইছে।

১০ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিজ্ঞান আৰু ক’লা শাখাৰ স্নাতক মহলাৰ প্ৰথম ষান্মাসিকৰ(চি বি চি এছ) হিন্দী(ডি এছ চি-বি.এ নন অনাৰ্চ) আই টি(ডি এছ চি-বি.এ/বি এছ চি নন অনাৰ্চ)পৰীক্ষা ১৯ ডিচেম্বৰত ৰাতিপুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব।

তাৰোপৰি, ১০ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া স্নাতক তৃতীয় আৰু পঞ্চম ষান্মাসিকৰ নিৰ্ধাৰিত বিষয়ৰ পৰীক্ষা সমূহ ক্ৰমে ১২  ডিচেম্বৰ আৰু ১৩ ডিচেম্বৰত অনুষ্ঠিত হ’ব বুলি বিভাগীয় কৰ্তৃপক্ষই জনাইছে।

গুৱাহাটী বিশ্ববিদ্যালয়েও ১০ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া সকলো স্নাতক, স্নাতকোত্তৰ, এম বি এ, এল এল এম, এম টেকৰ পৰীক্ষা সূচী বাতিল কৰিছে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সন্থাই ১০ ডিচেম্বৰ, মঙলবাৰে ৰাতিপুৱা ৫ বজাৰ পৰা আবেলি ৪ বজালৈ ১১ ঘণ্টীয়া অসম তথা উত্তৰ-পূব বন্ধৰ আহ্বান জনাইছে।

নাগালেণ্ডত চলি থকা হৰ্ণবিল ফেষ্টিভেলৰ বাবে নাগালেণ্ডত বন্ধ ঘোষণা কৰা হোৱা নাই যদিও নাগা ষ্টুডেণ্ট ফেডাৰেশ্যনে ১১ ডিচেম্বৰত চৰকাৰী কাৰ্য্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰিব।