উত্তৰ-পূব গ্ৰন্থমেলা আৰু শাসকৰ বিষম সিদ্ধান্ত

North-East-Book-Fair-2016

গুৱাহাটীত আমাক দুখনকৈ বৃ্হৎ গ্ৰন্থমেলা কিয় লাগে? এইবাবেই যে তাত আমাৰ তিনিখন বা চাৰিখন তেনে গ্ৰন্থমেলা নাই। নমামি ব্ৰহ্মপুত্ৰ, নমামি বৰাক পতা ক্ষমতাশীলসকলে উপলব্ধি নকৰে যে গ্ৰন্থ প্ৰণয়ন, প্ৰকাশ আৰু পাঠৰ ক্ষেত্ৰত পিছৰণুৱা অসমীয়াক গ্ৰন্থ-উৎসৱ আয়োজনৰ যোগেদি অহৰহ আগলৈ হেঁচুকি থকাৰ প্ৰয়োজন আছে। বিচিত্ৰ উৎসৱ, বিচিত্ৰ মেলাৰ নিচাত পতিত এই জাতিটোক গ্ৰন্থ উৎসৱ বা গ্ৰন্থৰ মেলাৰে কিছু সুৰুচিসম্পন্ন কৰাৰ প্ৰয়াস দিবা-ৰাত্ৰি চলিব লাগে। গ্ৰন্থমেলা বঢ়োৱাৰ উদ্যোগ নলৈ কমাবৰ প্ৰয়াস কৰা চৰকাৰ কেনেকৈ জাতিপ্ৰেমী হ’ব পাৰে?

গ্ৰন্থমেলাত মানুহে কেৱল কিতাপ নিকিনে;  নানা তৰহৰ কিতাপৰ সমুদ্ৰ এখনো দেখে। সেই সমুদ্ৰ দেখি প্ৰাত্যহিক, ব্যক্তিগত জীৱনৰ তুচ্ছতাৰ পৰা কিছু ঊৰ্ধ্বলৈ গৈ এক সাৰস্বত জীৱনৰ আভাস পাব পাৰে। সেই সমুদ্ৰৰ কোনো কোনো নাৱিকক লগ পাই কেৱল মন্ত্ৰী-বিধায়ক-আমোলাই যে ডাঙৰ মানুহ নহয়– তেনে এক নৱোদিত ভাবৰো আধাৰ হ’বৰ সুযোগ পায়। শাৰী শাৰী মদ্য-বিপণিৰ আৰু অন্যান্য বৈষয়িক দ্ৰব্যৰ বিপণিৰ মাজত চুচুক-চামাককৈ অকলশৰে থিয় দি থকা স্থানীয় সৰু সৰু কিতাপৰ দোকানে যি অনুভূতিৰ উদ্ৰেক ঘটাব নোৱাৰে, সেই অনুভূতি জগাই-জ্বলাই তোলে গ্ৰন্থমেলাৰ বিস্তীৰ্ণ প্ৰাংগণত একেলগে শই শই গ্ৰন্থ-বিপণিত লাখ লাখ কিতাপৰ একত্ৰ অৱ্স্থানৰ প্ৰত্যক্ষ দৰ্শনে। ই এক শুভ, সদৰ্থক মনস্তাত্ত্বিক আৱশ্যকতা আৰু অভিজ্ঞতা। শৈশৱ-কৈশোৰ-যৌৱনৰ অমূল্য মুকুতা।

এই অমূল্য অভিজ্ঞতা যাতে প্ৰাত্যহিকতাৰ চাপত হেৰাই নাযায় তাৰ বাবেই সি বাৰম্বাৰ উপলব্ধ হোৱা প্ৰয়োজন। সেইবাবেই বৃ্হৎ গ্ৰন্থমেলা বাৰে বাৰে অনুষ্ঠিত হ’ব লাগে।

তাৰোপৰি গ্ৰন্থমেলাই উৎসাহিত আৰু কৰ্মতৎপৰ কৰি তোলে লেখক আৰু প্ৰকাশকক। গ্ৰন্থমেলাত উন্মোচনৰ লক্ষ্য ৰাখিয়ে বহুতো কিতাপ প্ৰণয়ন আৰু প্ৰকাশ হয়। নিষ্কৰ্মা বুলি কুখ্যাত এটা জাতিৰ বাবে ই এক ইতিবাচক কথা। ব্যক্তিগত উদাহৰণ এটা দিওঁ – ২০০৫ চনৰ গুৱাহাটী গ্ৰন্থমেলাৰ আগে আগে প্ৰকাশ কৰাৰ লক্ষ্যৰে অসম প্ৰকাশন পৰিষদৰ সেই সময়ৰ সচিব লক্ষীনাথ তামুলী ডাঙৰীয়াই নলবাৰী জিলাৰ আবেদুৰ ৰহমান আৰু মোৰ হতুৱাই বাৰ্ট্ৰাণ্ড ৰাছেলৰ “Religion and Science”  নামৰ গ্ৰন্থখন “ধৰ্ম আৰু বিজ্ঞান” নামেৰে অনুবাদ কৰায়। সমুখত গুৱাহাটী গ্ৰন্থমেলা, সময় কম। আমি দিনে-নিশাই লাগি ২৮ দিনৰ ভিতৰত খৰ-ধৰকৈ অনুবাদ কৰি অঁতালোঁ। লক্ষ্য গ্ৰন্থমেলা নহ’লে সিমান লৰা-লৰিকৈ সেই কাম নিশ্চয় কৰা নহ’লহেঁতেন। হয়তো কিতাপখন অনূদিতই নহ’লহেঁতেন।

দুখৰ কথা- আমাৰ ক্ষমতাৱন্তসকলে নানা অজুহাতত কুৰিবছৰৰ ডেওনা গৰকা উত্তৰ-পূব গ্ৰন্থমেলাখন নাইকিয়া কৰিবলৈ চক্ৰান্ত চলাইছে। গ্ৰন্থমেলাক উৎসাহিত কৰাৰ পৰিৱৰ্তে তাৰ মূৰত বৰফ-পানী ঢলাৰ আয়োজন কৰিছে।

জজ খেলপথাৰত গ্ৰন্থমেলা কেনে জনপ্ৰিয় আৰু সফল হৈছিল সেয়া আটাইৰে মনত আছে। খেলা-ধূলাত অসুবিধা হোৱাৰ অচিলাত তাক অসাধাৰণ ব্যস্ত চানমাৰিলৈ স্থানান্তৰিত কৰা হ’ল। পিছে মহানগৰীৰ কেন্দ্ৰীয় স্থান হোৱাত আৰু জেগাও যথেষ্ট থকাত ইয়াতো দুয়োখন গ্ৰন্থমেলা একপ্ৰকাৰ সফল হ’ল। কিন্তু, কিবা ৰহস্যময় কাৰণত শাসকৰ প্ৰাণে সহা নাই। এইবেলি তেওঁলোকে শিশুৰ বাবে গ্ৰন্থমেলা পতাৰ অজুহাত দেখুৱাই আৰু আন আন নানা কাৰ্যসূচীৰে নৱেম্বৰ-ডিচেম্বৰৰ দিনকেইটা দখল কৰি ৰাখি চানমাৰিৰ খেলপথাৰত উত্তৰ-পূব গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ সকলো সম্ভাৱনা  নাইকিয়া কৰিছে। স্বাভাৱিকতে ইয়াৰ প্ৰতিবাদ হৈছে। শিশুৰ বাবে গ্ৰন্থমেলা পাতক, কিন্তু উত্তৰ-পূব গ্ৰন্থমেলাক নিধন কৰি নহয়।

গ্ৰন্থমেলা বস্ত্ৰমেলা নহয় যে সি য’তে-ত’তে সফল হ’ব। মহানগৰীৰ কেন্দ্ৰীয় স্থানৰ পৰা অপসাৰিত হোৱা মানেই তাৰ মৃত্যু অৱধাৰিত। কাৰণ অসুবিধাজনক ঠাইলৈ গ্ৰন্থপিপাসু দৌৰি গ’লেও, অৰ্ধ-পিপাসু আৰু পিপাসাহীন লোক তালৈ নাযায়। অথচ এই পিছৰ দুই শ্ৰেণীৰ লোককো গ্ৰন্থমেলালৈ আকৃষ্ট কৰিব পাৰিলেহে গ্ৰন্থমেলাৰ আমি ওপৰত উল্লেখ কৰি অহা মহৎ উদ্দেশ্যবোৰ পূৰণ হ’ব পাৰে।

অৱশ্যে উত্তৰ-পূব গ্ৰন্থমেলাক লৈও কেতবোৰ অভিযোগ শুনা যায়। কোনো কোনোৱে কয় যে গুৱাহাটী গ্ৰন্থমেলাত যিখন বিপণিৰ ভাৰা ১০,০০০ টকা, সেইখন বিপণিৰ ভাড়া উত্তৰ-পূব গ্ৰন্থমেলাত ১৪,০০০ টকা। তদুপৰি উদ্যোক্তাসকলৰ নিজৰ বিপণিৰ লগতে তেওঁলোকৰ লগত ভাল সম্পৰ্ক থকা বিপণিক হেনো সুবিধাজনক ঠাই আবণ্টন দিয়ে আৰু বাকীসকলক জনসমাগম কম হোৱা জেগাবোৰহে আবণ্টন দিয়ে। এইবোৰ অভিযোগ কিমান সত্য আমি নাজানো। উদ্যোক্তাসকলে এনে অভিযোগ আহিব পৰাৰ সুযোগ দিব নালাগে।

গুৱাহাটী গ্ৰন্থমেলাই হওক, উত্তৰ-পূব গ্ৰন্থমেলাই হওক, শৌচ-প্ৰস্ৰাৱৰ ব্যৱস্থা অতি শোচনীয় হয়। যোৱাবেলি গৈ দেখিলোঁ যে উন্মুক্ত মনুষ্য-বিষ্ঠাৰ পৰা নাতিদূৰতেই স্থান দিয়া হৈছে কেণ্টিনসমূহক। যদিও শৌচক্ষেত্ৰ আৰু খাদ্যক্ষেত্ৰক সুউচ্চ আঁৰকাপোৰেৰে পৃথক কৰা হৈছে, তৎসত্ত্বেও বিষ্ঠাভোগী-বিষ্ঠাস্পৰ্শী ভেনামাখিৰ বাবে উক্ত উচ্চতা আৰু হ্ৰস্বদূৰত্ব অতিক্ৰম কৰা মুঠেও অসাধ্য নহয়। আশাকৰোঁ উভয় গ্ৰন্থমেলাৰ উদ্যোক্তাই এই দিশটোতো চকু দিব আৰু দুয়োটা অত্যাৱশ্যকীয় ক্ষেত্ৰৰ বাবে গ্ৰন্থমেলাৰ পৰস্পৰ-বিপৰীত মেৰুত ঠাই উলিয়াই নিৰাপদ দূৰত্ব বজাই ৰাখিব।

যাহ’ক, উত্তৰ-পূব গ্ৰন্থমেলাৰ আওমৰণ ঘটিলে সেয়া নিশ্চয়কৈ আমাৰ বৌদ্ধিক আৰু সাংস্কৃতিক জীৱনৰ বাবে ক্ষতিৰ কথা হ’ব। অঁকৰাক মৈৰ পৰা নমাই গ্ৰন্থমেলাখন বচাবৰ বাবে সচেতন অসমীয়াই অহোপুৰুষাৰ্থ কৰিবই লাগিব।

লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক।