NORTHEAST NOW (Assamese)

জামছেদপুৰ এফ চিৰ বিৰুদ্ধে ড্ৰৰে দ্বিতীয় স্থানলৈ নৰ্থ-ইষ্ট য়ুনাইটেড

December 1, 2018 9:48 pm · এন ই নাও নিউজ
Updated: December 1, 2018 10:22 pm

আজি জামছেদপুৰৰ জে আৰ ডি টাটা স্প’ৰ্টছ কমপ্লেক্সত হোৱা এখন খেলত নৰ্থ-ইষ্ট য়ুনাইটেডে জামছেদপুৰ এফ চিৰ বিৰুদ্ধে গ’লশূন্য ড্ৰ খেলে। ড্ৰ খেলা সত্ত্বেও দলটোৱে পইণ্ট তালিকাত এঢাপ আগুৱাই দ্বিতীয়ত অৱস্থান লয়।

নৰ্থ-ইষ্ট য়ুনাইটেডে এতিয়া ৯খন খেলৰ পৰা ১৮ পইণ্ট আহৰণ কৰি বাংগালুৰু এফ চিৰ পিছতে স্থান লৈছে। নৰ্থ-ইষ্ট য়ুনাইটেডৰ পিছতে ৯খন খেলৰ পৰা ১৭ পইণ্ট আহৰণেৰে তৃতীয়ত আছে। আনহাতে দলটোৰ আজিৰ প্ৰতিদ্বন্দ্বী জামছেদপুৰ এফ চি আছে চতুৰ্থ স্থানত। শীৰ্ষত থকা বাংগালুৰু এফ চিৰ পইণ্ট হ’ল ৮খনত ২২।

উল্লেখযোগ্য যে আজিৰ খেলখনকে ধৰি নৰ্থ-ইষ্ট য়ুনাইটেডে গৃহ চহৰৰ পৰা আঁতৰত খেলা ক্ৰমাগত ৫খন খেলত অপৰাজিত ধাৰা অব্যাহত ৰাখে।

নৰ্থ-ইষ্ট য়ুনাইটেডৰ পৰৱৰ্তী খেল আছে অহা ৫ ডিচেম্বৰত, য’ত তেওঁলোক মুখামুখি হ’ব শীৰ্ষস্থানৰ দল বাংগালুৰু এফ চিৰ।

Related News