• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰৰ বিধেয়কৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ হীৰেন গোহাঁই নেতৃত্বাধীন মঞ্চ

বিধেয়কৰ পৰা বাংলাদেশৰ নাম বাদ দিয়াটো ‘টাইম বম’ৰ লেখীয়া: হীৰেন গোহাঁই

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , December 1, 2018 9:18 pm

3 min read

Dr. Hiren Gohain Chairman forum Against Citizenship Act Amendment Bill addressing a Press Conference at Guwahati Press Club on 01-12-18.Pix by UB Photos

গুৱাহাটী প্ৰে’ছ ক্লাবত শনিবাৰে নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চৰ সংবাদমেল। ছবি- ইউ বি।

406
VIEWS
Share on FacebookShare on Twitter

অসমৰ খিলঞ্জীয়াৰ ব্যাপক বিৰোধৰ সন্মুখীন হোৱা বিজেপি চৰকাৰ উত্থাপিত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুদ্ধিজীৱী হীৰেন গোহাঁই নেতৃত্বাধীন নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চ।

‘নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা বাংলাদেশৰ নামটো বাদ দিয়াতো ‘টাইম ব’মৰ লেখীয়া কথা।‘ আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলত এই মন্তব্য কৰিছে বুদ্ধিজীৱী হীৰেন গোহাঁয়ে।

উল্লেখযোগ্য যে, ৰাজ্যসভাৰ কংগ্ৰেছী সাংসদ ভুৱনেশ্বৰ কলিতাই বাংলাদেশক বিধেয়কখনৰ পৰা বাদ দিয়াৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল। তাৰ পাছতেই এই প্ৰস্তাৱৰ ঘোৰ বিৰোধিতা কৰে নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চৰ অধ্যক্ষ গোহাঁয়ে।

উক্ত সংবাদমেলতে গোহাঁয়ে বিধেয়কখনৰ পৰা কেৱল ‘বাংলাদেশ’ৰ নামটো বাদ দিয়াৰ প্ৰস্তাৱ দিয়াৰ পাছতো অসমত বিৰোধিতা নোহোৱাক কেন্দ্ৰ কৰি উদ্বিগ্নতা প্ৰকাশ কৰে।

তেওঁ কয় ‘এই প্ৰস্তাৱ অনা কথাটো যদি সঁচা হয়, তাৰ পাছতো যদি কোনেও প্ৰতিবাদ কৰা নাই, তেন্তে ই বৰ বিপদজনক হ’ব।‘

আনহাতে, বাংলাদেশক যদি বিধেয়কৰ পৰা বাদ দিয়া যায়, তাৰ কোনো আইনসংগত যুক্তি বিধেয়কখনত নাই বুলি তেওঁ উক্ত সংবাদমেলত কয়।

গোহাঁইৰ অভিযোগ, ‘আজি অসমৰ আন্দোলনক ভয় কৰি তথা অসমৰ ৰাইজক আশ্বস্ত কৰিবলৈ বাংলাদেশৰ নামটো বাদ দিছে।’

ইয়াৰোপৰি, বাংলাদেশৰ নামটো বিধেয়কৰ পৰা  বাদ দিলেও অসমীয়াৰ আন্দোলন তথা ক্ষোভ সেইবোৰৰ কোনো অৰ্থ নাথাকিব বুলি তেওঁ মন্তব্য কৰে।

গোহাঁইৰ মতে, ‘অসমবাসীৰ প্ৰতিবাদৰ প্ৰধান কাৰণ আছিল এইটোৱেই যে বিধেয়কখনে ভাৰতৰ  ধৰ্ম নিৰপেক্ষতাত আঘাত হানিব।’

তদুপৰি, ‘নাগৰিকত্ব’ ধৰ্মৰ ভিত্তিত দিলে সংবিধানৰ ধৰ্ম নিৰপেক্ষতাকো আঘাত হানিব বুলিও তেওঁ সংবাদমেলত সদৰী কৰে।

গোহাঁয়ে অসমৰ সমূহ দল-সংগঠন তথা জনসাধাৰণক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম অটুট ৰাখিবৰ বাবে সংবাদমেলৰ জৰিয়তে আহ্বান জনায়।

আনহাতে, উক্ত সংবাদমেলতে উপস্থিত থকা মঞ্চৰ আহ্বায়ক মনজিৎ মহন্তই কয় ‘‘বাংলাদেশ’ক বাদ দিলে অসম ৰক্ষা নপৰে তথা ধৰ্ম নিৰপেক্ষতাতো আঘাত হানিব। গতিকে এই কথা কোনোপধ্যে মানি ল’ব নোৱাৰি।‘

তদুপৰি যুটীয়া সংসদীয় কমিটিত বিজেপি দলৰ সদস্য বেছিকৈ থকা বুলি উক্ত সংবাদমেলত উল্লেখ কৰে মনজিৎ মহন্তই। তেওঁৰ মতে ‘যুটীয়া সংসদীয় কমিটিত বিজেপিৰ সাংসদৰ সংখ্যা বেছি, গতিকে তেওঁলোকে বিধেয়কৰ সমৰ্থনত ভোটদান কৰি প্ৰতিবেদনৰ চূড়ান্ত ৰূপ দিব।‘

উক্ত সংবাদমেলতে মঞ্চৰ অন্য এগৰাকী সদস্য তথা প্ৰাক্তন প্ৰশাসনিক বিষয়া হৰেকৃষ্ণ ডেকাই সংবাদমেলত কয় ‘নাগৰিকত্ব সংশোধনী বিধেয়কখন সংবিধানৰ ১৪ নং অনুচ্ছেদ বিৰোধী।‘

তদুপৰি ‘বিজেপিৰ নেতাসকল বাৰু হিন্দুত্ববাদী‘ এইবুলি মন্তব্য কৰি তেওঁ লগতে কয়, ‘কিন্তু বিৰোধী লোকসকলে ইয়াৰ প্ৰধানকৈ বিৰোধিতা কৰিব লাগিছিল। অসমৰ সাংসদসকলে এই কথাটো বুজি পাব লাগিছিল যে বিধেয়কখনে অসমলৈ বিদেশী অহাৰ বাট মুকলি কৰি দিছে।‘

তেওঁ লগতে কয়, ‘ভাৰতৰ ধৰ্ম নিৰপেক্ষতা চৰিত্ৰটোকে আঘাত হানিব।‘

Recent News

Gita Gopinath

‘নতুন কৃষি আইনে কৃষকৰ আয় বৃদ্ধি কৰাৰ সম্ভাৱনা আছে’; IMFৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথ

Sourav-Ganguly

বুকুত প্ৰচণ্ড বিষ— পুনৰ অসুস্থ সৌৰভ গাংগুলী, চিকিৎসালয়ত ভৰ্তি

index

৪ বছৰৰ পিছত জে’লৰ পৰা মুক্তি পালে জয়াললিতাৰ এসময়ৰ ছায়াসংগী ভি কে শশীকলা

অসম ৰাইফলছৰ অভিযানত হেৰোইন, বিদেশী চিগাৰেট আৰু বীয়েৰ জব্দ, দুজন সৰবৰাহকাৰীক আটক

অসম ৰাইফলছৰ অভিযানত হেৰোইন, বিদেশী চিগাৰেট আৰু বীয়েৰ জব্দ, দুজন সৰবৰাহকাৰীক আটক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd