আই এছ এলত আজি প্ৰতিশোধৰ লক্ষ্যৰে নৰ্থ-ইষ্ট য়ুনাইটেডৰ মুখামুখি হ’ব কেৰেলা ব্লাষ্টাৰ্ছ

নৰ্থ-ইষ্ট য়ুনাইটেডৰ ফাইল ফটো

আজি দুৰ্দান্ত ফৰ্মত থকা নৰ্থ-ইষ্ট য়ুনাইটেডে অন্তিম লীগ মেচত কেৰেলা ব্লাষ্টাৰ্ছ এফ চিৰ মুখামুখি হ’ব। ইতিমধ্যে ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰা নৰ্থ-ইষ্ট য়ুনাইটেডৰ বাবে কোচিৰ জৱাহৰলাল নেহেৰু ষ্টেডিয়ামত সন্ধিয়া অনুষ্ঠিত হ’ব লগা খেলখন গুৰুত্বহীনৰূপে বিবেচিত হৈছে।

বৃহস্পতিবাৰে অনুষ্ঠিত এখন সংবাদমেলত নৰ্থ-ইষ্ট য়ুনাইটেডে খেলখনত দ্বিতীয় শাৰীৰ দলেৰে অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে প্ৰশিক্ষক এলকো ছেট্টৰিয়ে। আঘাতেৰে জৰ্জৰিত হৈ থকা নৰ্থ-ইষ্ট য়ুনাইটেডৰ পাঁচজন খেলুৱৈ খেলপথাৰৰ বাহিৰত আছে, দুজন খেলুৱৈ নিলম্বিত আৰু বিগত খেলখনত তিনিজন খেলুৱৈ মেচ ৰেফাৰীৰ হালধীয়া কাৰ্ডৰ সন্মুখিন হৈছে। সেয়েহে প্লে-অফলৈ লক্ষ্যৰাখি প্ৰশিক্ষকে দলৰ শক্তি ৰিজাৰ্ভত ৰখাৰ সম্ভাৱনাই অধিক।

ইতিমধ্যে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত নৰ্থ-ইষ্ট য়ুনাইটেডে প্ৰথমখন লেগৰ খেলত কেৰেলা ব্লাষ্টাৰ্ছক ২-১ গ’লত পৰাস্ত কৰিছিল। ঘৰুৱা দৰ্শকৰ সন্মুখত সেয়েহে কেৰেলা ব্লাষ্টাৰ্ছে আজি প্ৰতিশোধৰ লক্ষ্যৰ নৰ্থ-ইষ্ট য়ুনাইটেডৰ মুখামুখি হ’ব।

উল্লেখযোগ্য যে, আই এছ এলত দুবাৰকৈ ফাইনেল খেলা কেৰেলা ব্লাষ্টাৰ্ছ ইতিমধ্যে তালিকাৰ নৱম স্থানত থকাটো নিশ্চিত হোৱাত আজিৰ খেলখন কাৰ্যতঃ গুৰুত্বহীন হৈ পৰিছে।