নতুন বছৰৰ বাৰ্তা! বছৰৰ অন্তিম দিনটোতো মিছাইল নিক্ষেপ কৰিছে উত্তৰ কোৰিয়াই

North Korea fires 3 ballistic missiles উত্তৰ কোৰিয়াই কোৰিয়া উপদ্বীপৰ পূবে সাগৰত তিনিটা কম দূৰত্বৰ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে। দক্ষিণ কোৰিয়াৰ সামৰিক বাহিনীয়ে কয় যে শনিবাৰে পুৱা প্ৰায় ৮ বজাত মিছাইলসমূহ নিক্ষেপ কৰা হৈছিল।

দক্ষিণ কোৰিয়াৰ যুটীয়া চীফ অফ ষ্টাফে কৈছে যে স্থানীয় সময় অনুসৰি ৰাতিপুৱা প্ৰায় ৮ বজাত পিয়ংইয়ংৰ দক্ষিণ উত্তৰ হোয়াংঘাই প্ৰদেশৰ পৰা তিনিটা কম দূৰত্বৰ বেলিষ্টিক মিছাইল নিক্ষেপ কৰা হৈছিল।

লগতে পঢ়ক: Happy New Year 2023 Messages: ‘নৱবৰ্ষৰ শুভেচ্ছা ২০২৩’-নতুন বছৰৰ আৰম্ভণিতে প্ৰিয়জনক দিয়ক শুভেচ্ছা

দক্ষিণ কোৰিয়াৰ সামৰিক বাহিনীয়ে জনায় যে মিছাইলবোৰ প্ৰায় ৩৫০ কিলোমিটাৰলৈকে উৰিছিল। ইয়াৰ পূৰ্বে জাপানৰ কোষ্টগাৰ্ডে  কৈছিল যে এটা মিছাইল সাগৰত পৰিছে।

জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে উত্তৰ কোৰিয়াই বাৰে বাৰে বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে যি জাপান, এই অঞ্চল আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ শান্তি আৰু নিৰাপত্তা সংকটৰ মুখলৈ ঠেলি দিছে।

লগতে পঢ়ক: নৱবৰ্ষৰ শুভেচ্ছা জনাবলৈ ভাৰতৰ বিকৃত মানচিত্ৰৰ ছবি পোষ্ট! কেন্দ্ৰৰ ৰোষত হোৱাটছএপ

বিবৃতিটোত লগতে কোৱা হৈছে যে এনে ধৰণৰ বেলিষ্টিক মিছাইল নিক্ষেপ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ আইনবিৰোধী।