উত্তৰ কোৰিয়াত অচিৰেই হ’ব পাৰে দুৰ্ভিক্ষ, দেশখনৰ শাসক কিম জং-উনৰ গুৰুত্বপূৰ্ণ বাৰ্তা

উত্তৰ কোৰিয়াৰ শাসক কিম জং-উনে দেশখনৰ জনসাধাৰণলৈ এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে।

তেওঁ কৈছে দেশখনৰ নাগৰিকসকলে এটা ‘কঠিন’ সমস্যাৰ সমুখীন হ’বলৈ সাজু হৈ থাকিব লাগে।

বৃহস্পতিবাৰে এখন সংবাদমেলত তেওঁ কয় যে ৯০ৰ দশকত দেশখনত দেখা দিয়া মাৰাত্মক দুৰ্ভিক্ষসদৃশ পৰিস্থিতিৰ পুনৰ সূচনা হ’ব পাৰে।

উল্লেখযোগ্য যে দেশখনে কভিড মহামাৰীৰ বাবে দেশৰ সীমান্তসমূহ বন্ধ কৰি থৈছে।

যাৰ ফলশ্ৰুতিত দেশখনৰ অৰ্থনৈতিৰ মূল ভৰসাস্বৰূপ চীনৰ স’তে ব্যৱসায়িক সম্পৰ্কত ব্যাঘাত জন্মিছে।

তদুপৰি শেহতীয়াকৈ দেশখনে চলোৱা নিউক্লিয়াৰ সম্পৰীক্ষাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক নিষেধাজ্ঞাৰো সমুখীন হৈছে।

সংবাদমেলখনত তেওঁৰ ‘ৱৰ্কাছ পাৰ্টী অৱ কোৰিয়া’ৰ দলীয় কেডাৰসকলক সম্ভাব্য পৰিস্থিতিৰ স’তে মোকাবিলা কৰি জনসাধাৰণক উপশম কৰিবলৈ জাননি দিছে।

উল্লেখযোগ্য যে বাওঁপন্থী শাসনৰ বাবে উত্তৰ কোৰিয়াৰ স’তে ছোভিয়েট ৰাছিয়াৰ অৰ্থনৈতিক সম্পৰ্ক সুদৃঢ় আছিল।

দেশখনে বহুক্ষেত্ৰত ছোভিয়েট ৰাছিয়াৰ ওপৰত নিৰ্ভৰ কৰিছিল।

কিন্তু ৯০দশকৰ প্ৰথমভাগত ছোভিয়েট ৰাছিয়াৰ পতনৰ পাছতে উত্তৰ কোৰিয়াত দুৰ্ভিক্ষ হ’বলৈ ধৰে।

উক্ত দুৰ্ভিক্ষত প্ৰায় ৩ মিলিয়ন লোকৰ মৃত্যু হৈছিল।