NORTHEAST NOW (Assamese)

জল্পনা-কল্পনাৰ অন্ত পেলাই ভুমুকি মাৰিলে কিম জং উনে; ক’ত দেখা গ’ল তেওঁক?

May 2, 2020 8:47 am · এন ই নাও নিউজ
Updated: May 2, 2020 8:56 am
এটা কাৰখানা উদ্বোধনৰ সময়ত কিম জং উন। ফটো সৌজন্য: নিউয়ৰ্ক প'ষ্ট

উত্তৰ কোৰিয়াৰ একনায়ক নেতা কিম জং উনে অৱশেষত প্ৰায় তিনি সপ্তাহৰ পাছত ৰাজহুৱা অনুষ্ঠানত ভুমুকি মাৰিলে।

বিগত কিছুদিন ধৰি কিম জং উনৰ উপস্থিতি নেদেখাৰ পাছত তেওঁৰ স্বাস্থ্যকলৈ বহুধৰণৰ বাতৰি আহিবলৈ ধৰে।

দেশখনৰ চৰকাৰী বাতৰি সংস্থা কেছিএনএ কয় প্ৰকাশ কৰিছে যে কিমে এটা নলা নিৰ্মাণকাৰী কাৰখানাৰ উদ্বোধন অনুষ্ঠানত উপস্থিত হৈ ইয়াৰ ফিটা কাটে।

ইয়াৰ পূৰ্বে কিম জং উনক শেষবাৰৰ বাবে যোৱা ১২ এপ্ৰিলত এক অনুষ্ঠানত দেখা গৈছিল। উক্ত অনুষ্ঠানত কিমে এক জেট যুদ্ধ বিমানৰ উৰণ প্ৰত্যক্ষ কৰিছিল।

বিগত প্ৰায় বিছ দিনত কিম জঙৰ সম্পৰ্কত বিভিন্ন বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। দীৰ্ঘদিন ধৰি তেওঁক দেখা নোযোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি তেওঁৰ স্বাস্থ্যক লৈ বিভিন্ন কথা প্ৰকাশ পাইছিল। তেওঁৰ অৱস্থা সংকটজনক বুলিও দাবী কৰা হৈছিল।

আমেৰিকাৰ সংবাদ সংস্থা চিএনএনে হোৱাইট হাউছৰ বিষয়াৰ সূত্ৰ দাঙি ধৰি কিমৰ এক ছাৰ্জাৰীৰ পাছত স্বাস্থ্যৰ অৱনতি ঘটা বুলি সদৰী কৰিছিল।

ইপিনে, উত্তৰ কোৰিয়াৰ চৰকাৰী বাতৰি সংস্থা কেছিএনএ সদৰী কৰিছে যে অনুষ্ঠানত কিম উপস্থিত হোৱাৰ পাছত ৰাইজ উদ্বাউল হৈ পৰে আৰু তেওঁক উষ্ম আদৰণি জনায়।

যোৱা ১৫ এপ্ৰিলত কিম জং উনৰ ককাক কিম ছুংগ দ্বিতীয়ৰ বাৰ্ষিকী অনুষ্ঠানত তেওঁক দেখা নোপোৱাৰ পাছতে বিভিন্ন উৰাবাতৰি বিয়পি পৰিছিল।

Related News