• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইবাৰ কিম জঙৰ ভগ্নীৰ হুংকাৰ: পাৰমাণৱিক অস্ত্ৰৰে ধ্বংস কৰিব দক্ষিণ কোৰিয়া!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 5, 2022 6:05 pm
Kim Jong Un's Sister warn South Korea
373
VIEWS
Share on FacebookShare on Twitter

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনৰ হুমকিৰ কথা সকলোৰে জ্ঞাত। সময়ে সময়ে আমেৰিকা আৰু দক্ষিণ কোৰিয়াক ধমকি দি বাতৰিৰ চৰ্চালৈ আহি থাকে উন। পিছে এইবাৰ উন নহয়, উনৰ ভগ্নীয়েহে দিছে দক্ষিণ কোৰিয়াক পাৰমাণৱিক আক্ৰমণৰ ভাবুকি।

কিম ইয়ো জঙে মঙলবাৰে কয় যে যদিহে দক্ষিণ কোৰিয়াই উত্তৰ কোৰিয়াক আক্ৰমণ কৰে, তেতিয়া উত্তৰ কোৰিয়াই দক্ষিণ কোৰিয়াৰ সেনাক সমূলঞ্চে বিনাস কৰিবলৈ পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব।

যোৱা সপ্তাহত দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা প্ৰধান চুহ ৱুকে কৰা মন্তব্যৰ পিছত কিম ইয়ো জঙে এইদৰে প্ৰত্যুত্তৰ দিয়াৰ ঘটনাই তাৎপৰ্য বহন কৰিছে।

চুহে শুক্ৰবাৰে দক্ষিণ কোৰিয়াৰ সামৰিক বাহিনীৰ ওচৰত উত্তৰ কোৰিয়াৰ যিকোনো লক্ষ্যত সঠিকভাৱে আৰু দ্ৰুততাৰে আঘাত কৰাৰ সামৰ্থ্য থকা মিছাইল আছে বুলি মন্তব্য কৰিছিল।

ইয়াৰ প্ৰত্যুত্তৰত কিম ইয়ো জঙে কয় যে উন্মাদ চুহ ৱুকে পাৰমাণৱিক শক্তিধৰ উত্তৰ কোৰিয়াৰ বিৰুদ্ধে প্ৰাক-আক্ৰমণৰ বিষয়ে আলোচনা কৰাটো অতি ডাঙৰ ভুল।

তেওঁ লগতে কয়, “যদি দক্ষিণ কোৰিয়াই আমাৰ সৈতে সামৰিক সংঘৰ্ষৰ সিদ্ধান্ত লয়, তেতিয়া আমাৰ পাৰমাণৱিক যুঁজাৰু বাহিনীয়ে অৱশ্যেই নিজৰ কৰ্তব্য পালন কৰিব লাগিব।”

কিম ইয়ো জঙে কয় যে উত্তৰ কোৰিয়াৰ পাৰমাণৱিক বাহিনীৰ প্ৰাথমিক দায়িত্ব হৈছে প্ৰতিৰোধক হিচাপে কাম কৰা। কিন্তু যদি সশস্ত্ৰ সংঘৰ্ষ আৰম্ভ হয়, তেতিয়া এনে অস্ত্ৰসমূহ আক্ৰমণত শত্ৰুৰ সশস্ত্ৰ বাহিনীক নিৰ্মূল কৰিবলৈ ব্যৱহাৰ কৰা হ’ব।

যদি দক্ষিণ কোৰিয়াই এই দুৰ্যোগ প্ৰতিহত কৰিব বিচাৰে তেতিয়া নিজকে অনুশাসন কৰা উচিত বুলিও দক্ষিণ কোৰিয়াক সতৰ্ক কৰি দিয়ে ইয়ো জঙে।

সম্প্ৰতি ৰাছিয়া-ইউক্ৰেইন যুদ্ধই সমগ্ৰ বিশ্ব সম্প্ৰদায়ক চিন্তিত কৰি ৰখাৰ মুহূৰ্ততে উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজৰ এই বাকযুদ্ধই আন এক চিন্তাৰ ফালে ঠেলি দিছে।

Recent News

পুৰীৰ জগন্নাথ মন্দিৰৰ গাতে লাগি থকা এলেকাত সুৰা আৰু মাংস নিষিদ্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

পুৰীৰ জগন্নাথ মন্দিৰৰ গাতে লাগি থকা এলেকাত সুৰা আৰু মাংস নিষিদ্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব ১২ খনকৈ দেশৰ নাগৰিকে : নতুন নীতি ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব ১২ খনকৈ দেশৰ নাগৰিকে : নতুন নীতি ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাৰ পৰা বিতাৰিত ভাৰতীয় ছাত্ৰক বিমান বন্দৰত অকথ্য নিৰ্যাতন

আমেৰিকাৰ পৰা বিতাৰিত ভাৰতীয় ছাত্ৰক বিমান বন্দৰত অকথ্য নিৰ্যাতন

চীন-পাকিস্তানৰ ওপৰত চকু ৰাখিব দেশতে নিৰ্মাণ হোৱা ISTAR চোৰাংচোৱা বিমানে

চীন-পাকিস্তানৰ ওপৰত চকু ৰাখিব দেশতে নিৰ্মাণ হোৱা ISTAR চোৰাংচোৱা বিমানে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd