NORTHEAST NOW (Assamese)

উত্তৰ লখিমপুৰত ভয়াৱহ দুৰ্ঘটনা, মেৰামতি চলি থকা দলং খুলি ট্ৰেফিক নিয়ন্ত্ৰণৰ চেষ্টা

December 30, 2018 4:30 pm · ফাৰহানা আহমেদ
Updated: December 30, 2018 4:31 pm
উত্তৰ লখিমপুৰত দেওবাৰে সংঘটিত দুৰ্ঘটনা। ছবি- নৰ্থ ইষ্ট নাও।

উত্তৰ লখিমপুৰ নগৰৰ প্ৰৱেশ পথতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে দেওবাৰে পুৱা এখন মালবাহী ত্ৰাক বাগৰি পৰাৰ ফলত সৃষ্টি হৈছে ভয়ানক ত্ৰেফিক জামৰ।

ত্ৰেফিক নিয়ন্ত্ৰণৰ বাবে নগৰখনৰ ১৪ নং ৱাৰ্দৰ হাইজানত যোৱা এবছৰ ধৰি মেৰামতি চলি থকা পুৰণা দলংখনকে যাতায়াতৰ বাবে মুকলি কৰি দিয়া হৈছে।

পুৱাৰে পৰা চেষ্টা চলাই দুপৰীয়া প্ৰায় ১২ বজাতহে ত্ৰাকখন ক্ৰে’নৰ সহায়ত উঠাবলৈ সক্ষম হৈছে আৰক্ষী। দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

এটা কেঁকুৰি পাৰ হ’বলৈ লওঁতেই পথৰ পৰা বাগৰি পৰিছিল উত্তৰ লখিমপুৰ হৈ মাজুলীলৈ জিঅ’ বেগ কঢ়িয়াই নিয়া ১০ চকীয়া ত্ৰাকখন (MH-03 CP 5368)।

বেয়া আৰু বালিপূৰ্ণ পথৰ বাবেই মিন্ত লজিস্তিকছ নামৰ কোম্পানিটোৰ ত্ৰাকখন বাগৰি পৰে বুলি ধাৰণা কৰা হৈছে।

Related News