ক্ষতিগ্ৰস্ত ৰে’লপথৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱে বাতিল কৰিলে দহখন যাত্ৰীবাহী ৰে’লৰ চলাচল

122333-750x375

ভগ্ন ৰে'লপথৰ দৃশ্য

প্ৰবল বৰষুণৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ আলিপুৰদুৱাৰ ডিভিজনৰ অন্তৰ্গত ৰে’লপথ ক্ষতিগ্ৰস্ত হোৱাত উত্তৰ-পূব সীমান্ত ৰে’লৱে দহখন যাত্ৰীবাহী ৰে’লৰ সেৱা বাতিল কৰে।

উল্লেখযোগ্য যে, বৰষুণৰ ফলত ৰে’লপথ ক্ষতিগ্ৰস্ত হোৱা বাবে বহুকেইখন যাত্ৰীবাহী ৰে’ল নিউ-বঙাইগাঁও, ৰঙিয়া আদি ৰে’ল ষ্টেশ্যন আৰু জংচনত দীৰ্ঘসময় ধৰি আবদ্ধ হৈ থাকিবলগীয়া হৈছে।

বহুকেইখন ৰে’লৰ যাত্ৰাপথৰো সালসলনি কৰা হৈছে বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱে চলাচল বাতিল কৰা ৰে’লসমূহ হ’ল-

১. ধুবুৰীৰ পৰা ২৫ জুলাইত যাত্ৰা কৰিবলগীয়া উজনিমুৱা ৫৫৮১১ নম্বৰ ধুবুৰী-কামাখ্যা ফাষ্ট পেচেঞ্জাৰ।

২. ২৫ জুলাইত যাত্ৰা কৰিবলগীয়া উজনিমুৱা ০৭৫২৫ নম্বৰ শিলিগুৰি-নিউ বঙাগাঁও ডেমু স্পেচিয়েল।

৩. ২৫ জুলাইত যাত্ৰা কৰিবলগীয়া নামনিমুৱা ০৭৫২৬ নম্বৰ নিউ বঙাইগাঁও-শিলিগুৰি ডেমু স্পেচিয়েল।

৪. ২৫ জুলাইত যাত্ৰা কৰিবলগীয়া উজনিমুৱা ৫৫৭১৩ নম্বৰ নিউ জলপাইগুৰি-ৰঙিয়া যাত্ৰীবাহী।

৫.২৫ জুলাইত যাত্ৰা কৰিবলগীয়া নামনিমুৱা ৫৫৭১৪ নম্বৰ ৰঙিয়া-নিউ জলপাইগুৰি যাত্ৰীবাহী।

৬. ২৫ জুলাইত যাত্ৰা কৰিবলগীয়া উজনিমুৱা ৫৫৭৫৩ নম্বৰ আলিপুৰদুৱাৰ-গুৱাহাটী চিফুং যাত্ৰীবাহী।

৭. ২৫ জুলাইত যাত্ৰা কৰিবলগীয়া উজনিমুৱা ১৫৭৬৯ নম্বৰ আলিপুৰদুৱাৰ-লামডিং ইণ্টাৰচিটি এক্সপ্ৰেছ।

৮. ২৫ জুলাইত যাত্ৰা কৰিবলগীয়া নামনিমুৱা ১৫৭৭০ নম্বৰ লামডিং-আলিপুৰদুৱাৰ ইণ্টাৰচিটি এক্সপ্ৰেছ।

৯. ২৫ জুলাইত যাত্ৰা কৰিবলগীয়া উজনিমুৱা ১৫৭৭৭১ আলিপুৰদুৱাৰ-কামাখ্যা ইণ্টাৰচিটি এক্সপ্ৰেছ।

১০. ২৫ জুলাইত যাত্ৰা কৰিবলগীয়া নামনিমুৱা ১৫৭৭৭২ নম্বৰ কামাখ্যা-আলিপুৰদুৱাৰ এণ্টাৰচিটি এক্সপ্ৰেছ।

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধকগৰাকীয়ে যাত্ৰীসকলে লাভ কৰা অসুবিধাৰ কাৰণে দুখ প্ৰকাশ কৰে।

আন এটা টুইটাৰত উত্তৰ-পূব সীমান্ত ৰে’লৱে এনেদৰে কয় ‘‘অসম আৰু পশ্চিমবংগৰ বঙাইগাঁও, জোৰাই আৰু কামাখ্যাগুৰি অঞ্চলত বিগত ২৪ ঘণ্টাত প্ৰবল বৰষুণ হৈছে’’।