NORTHEAST NOW (Assamese)

মুকলি হ’ল উত্তৰ-পূবৰ প্ৰথমখন ক’ভিড-১৯ চিকিৎসালয়

May 29, 2020 12:51 pm · কল্পজ্যোতি শইকীয়া
ফটো : নৰ্থ-ইষ্ট নাও

মহামাৰী ক’ৰ’না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে আজি মুকলি কৰা হ’ল উত্তৰ-পূবৰ প্ৰথমখন ক’ভিড-১৯ হাস্পতাল।

গুৱাহাটীৰ ভঙাগড়স্থিত GMCH ৰ সমীপত অৱস্থিত এই ক’ভিড-১৯ হাস্পতালখন স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই মুকলি কৰে।

অত্যাধুনিক চিকিৎসা সা-সজুলিৰে পৰিপূৰ্ণ চিকিৎসালয়খন ১৫০ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা হৈছে।

কানাডাৰ পৰা UV Radiationৰ কিছু সা-সৰঞ্জাম অনা হৈছিল আৰু সেই সমূহ চিকিৎসালয়খনত সংযুক্ত কৰা হৈছে।

চিকিৎসালয়খনত ২০০ খন বিচনা আৰু ৬০ টা ICU কক্ষ আছে। একমাত্ৰ তৃতীয় পৰ্যায়ৰ ক’ৰ’না ৰোগীৰ বাবেহে এই চিকিৎসালয়।

ফটো : নৰ্থ-ইষ্ট নাও

Symptomic থকা ৰোগী সকলক ইয়াত চিকিৎসাৰ বাবে ভৰ্তি কৰা হ’ব।

চিকিৎসালয়খনত জটিল অস্ত্ৰোপচাৰ কৰা কক্ষ আৰু লেবৰ বিশেষ ব্যৱস্থা আছে।

৫০০০ ৰোগীক চিকিৎসা কৰিবলৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ সক্ষম বুলি মন্ত্ৰী হিমন্তই দাবী কৰে।

উল্লেখ্য যে কভিডৰ পিছত এইখন ছুপাৰ স্পেচিয়েলিটি হাস্পতাল হিচাপে ব্যৱহাৰ হ’ব বুলি মন্ত্ৰী গৰাকীয়ে জনায়।

Related News