শিৱসাগৰত ষষ্ঠ উত্তৰ-পূব কুংফু আৰু কিক বক্সিং প্ৰতিযোগিতাৰ আয়োজন

শিৱসাগৰত ‘ইণ্টাৰনেশ্যনেল নিউ কুংফু আৰু কিক বক্সিং একাডেমি’ৰ সৌজন্যত অহা ১২, ১৩, ১৪ আৰু ১৫ মাৰ্চত স্থানীয় বৰ্ডিং খেলপথাৰত ষষ্ঠ উত্তৰ-পূব ভাৰত কুংফু আৰু কিক বক্সিং প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

প্ৰথমবাৰৰ বাবে শিৱসাগৰত আয়োজন কৰা এই প্ৰতিযোগিতাত প্ৰায় ৫০০ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব আৰু বিজয়ীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে।

সাংবাদিক মণিৰুল ইছলাম বড়াক সভাপতি, তন্ময় বুঢ়াগোহাঁইক কাৰ্যকৰী সভাপতি, ৰাজীৱ দত্ত, আনোৱাৰ হুছেইন আৰু বনানি শৰ্মাক উপ সভাপতি, দলশ্বাদ হুছেইন আহমেদক সাধাৰণ সম্পাদক আৰু চিফু জালালউদ্দিন আহমেদক কাৰিকৰী নিৰ্দেশক হিচাপে লৈ এখন কমিতি গঠন কৰা হয়।

প্ৰতিযোগিতাখনত মুখ্য বিচাৰক হিচাপে উপস্থিত থাকিব সৰ্বভাৰতীয় কুংফু আৰু কিক বক্সিং ফেডাৰেশ্বনৰ কাৰ্যকৰী সভাপতি  চিফু টি এইচ নৰেন সিং, সভাপতি চি এল লামা আৰু চিফু জিন্তু।

উদ্যোক্তাসকলে প্ৰতিযোগিতাখন সফল কৰি তুলিবলৈ সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ সহযোগ কামনা কৰিছে। তেওঁলোকে ইচ্ছুক প্ৰতিযোগীক পঞ্জীয়নৰ বাবে 9101787879, 7002631842, 7896501234, 7086570710 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।