NORTHEAST NOW (Assamese)

নৰ্থইষ্ট নাও-ৰ ৭ বছৰীয়া জন্মজয়ন্তী উপলক্ষে গুৱাহাটীত তৰ্ক প্ৰতিযোগিতা

December 15, 2024 9:04 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

আজি নৰ্থইষ্ট নাওৰ সপ্তম বৰ্ষপূৰ্তি। এই উপলক্ষ্যে আজি নৰ্থইষ্ট নাও-এ গুৱাহাটীৰ দিশপুৰস্থিত শ্ৰীমন্ত শংকৰ একাডেমীত এক তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰে। কামৰূপ(মেট্ৰ) আৰু কামৰূপ (গ্ৰাম্য) জিলাভিত্তিক এই মুকলি প্ৰতিযোগিতাখনত অধ্যক্ষ হিচাপে উপস্থিত থাকে গুৱাহাটী কলেজৰ ইংৰাজী বিভাগৰ মূৰব্বী অধ্যাপক দিব্য ৰঞ্জন শৰ্মা খাটনিয়াৰ।  তৰ্ক প্ৰতিযোগিতাখনত বিচাৰক হিচাপে উপস্থিত থাকে কৃষকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সূৰ্য কুমাৰ ভূঞা স্কুল অৱ ছচিয়েল চায়েন্সৰ অধ্যাপক ডজয়দ্বীপ বৰুৱা আৰু ফেডাৰেল বেংকৰ শ্বিলং শাখাৰ পৰীক্ষামূলক বিষয়া আশীস বৰুৱা।

আজিৰ এই তৰ্ক প্ৰতিযোগিতাৰ বিষয় আছিল ‘সদনৰ মতে- ‘মূলসুঁতিৰ সংবাদ মাধ্যমৰ বিকল্প হিচাপে ডিজিটেল সংবাদ মাধ্যমৰ উত্থান ঘটিছে।’

উক্ত বিষয় সম্পৰ্কে সপক্ষে তৰ্ক কৰিবলৈ প্ৰায় অৰ্ধ শতাধিক তৰ্ক প্ৰতিযোগী উপস্থিত হয়। প্ৰায় সমান পৰিমাণৰ তাৰ্কিকে সপক্ষে আৰু বিপক্ষে যুক্তি আগবঢ়ায়।

আজিৰ এই তৰ্ক প্ৰতিযোগিতাত প্ৰথমে নৰ্থইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰে বক্তৃতা প্ৰদান কৰে। তাৰপিছত অধ্যক্ষ দিব্য ৰঞ্জন শৰ্মা খাটনিয়াৰে অধ্যক্ষৰ আসন গ্ৰহণ কৰি তৰ্ক প্ৰতিযোগিতাখন চলাই নিয়ে।

এই প্ৰতিযোগিতাত বিজিত কলিতাই প্ৰথম, অভিস্পা কলিতাই দ্বিতীয় আৰু দৰ্শনা পাটোৱাৰীয়ে তৃতীয় স্থান দখন কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও জুহিতা কলিতাই বিচাৰকৰ বিশেষ বঁটা লাভ কৰে।

আজিৰ এই অনুষ্ঠানত নৰ্থইষ্ট নাওৰ সকলো সাংবাদিক-কৰ্মচাৰীৰ লগতে বহুকেইজন তৰ্কপ্ৰেমী দৰ্শক উপস্থিত থাকি সভাঘৰ শুৱনি কৰে।

Related News