আই এছ এল : অধিনায়ক বাৰ্থলমেউ অগবেছেয়ে দুৰন্ত গতি দিছে নৰ্থ-ইষ্ট য়ুনাইটেডক

পৰৱৰ্তী খেল আছে ৯ নৱেম্বৰত, মুম্বাই চিটিৰ বিৰুদ্ধে

North East United Coach_Player

নৰ্থ-ইষ্ট য়ুনাইটেডৰ মুখ্য প্ৰশিক্ষক এলকো স্কেটৰি (সোঁফালে) আৰু অধিনায়ক বাৰ্থলমেউ অগবেছেই।

যোৱাবাৰ তালিকাৰ অন্তিম স্থানত ছিজন সমাপ্ত কৰা উত্তৰ-পূব ভিত্তিক পেচাদাৰী ফুটবল দল নৰ্থ-ইষ্ট য়ুনাইটেডক এইবাৰ দুৰন্ত গতিৰে আগ বঢ়া দেখা গৈছে। এতিয়ালৈকে নৰ্থ-ইষ্ট য়ুনাইটেডে ৫খন খেলৰ ৩খনতে জয়ী হৈছে। আন দুখন ড্ৰ খেলিছে।

গুৱাহাটীৰ দলটোক আই এছ এল ২০১৮-১৯ত এই গতি দিয়াৰ মূল দুজন ব্যক্তি হ’ল ডাচ্ছ প্ৰশিক্ষক এলকো স্কেটৰি (Eelco Schattorie) আৰু অধিনায়ক বাৰ্থলমেউ অগবেছেই (Bartholomew Ogbeche) ।

দলৰ মেনেজমেণ্টৰ সিদ্ধান্তক সঠিক প্ৰমাণ কৰি দুয়োজনে এই পৰ্য্যন্ত আনি দিছে আশাপ্ৰদ ফল। অথচ মুখ্য প্ৰশিক্ষক হিচাপে এলকো স্কেটৰিৰ নামে প্ৰথম বিবেচনাত অগ্ৰাধিকাৰ পোৱা নাছিল। “মোক সোধা হৈছিল মোৰ ভাৰতীয় ফুটবল সম্পৰ্কে আগৰজন প্ৰশিক্ষকতকৈ ভাল নে?” এটা সাক্ষাৎকাৰত এইদৰে কয় এলকো স্কেটৰিয়ে।

আনহাতে তেওঁ দিল্লীৰ বিৰুদ্ধে খেলৰ আগদিনা সংবাদ মাধ্যমত মন্তব্য কৰিছিল যে তেওঁলোকৰ হাতত যদি এই পৰ্য্যায়ত দিল্লী ডাইনামোজ দলটো থাকিল হেঁতেন (নৰ্থ-ইষ্ট য়ুনাইটেডৰ পৰিৱৰ্তে), তেন্তে তেওঁলোক তৃতীয় স্থানত থাকিল হেঁতেন। এই মন্তব্য সন্দৰ্ভত স্পষ্টীকৰণ দি এলকোৱে কয়, “ইয়াৰ দ্বাৰা মই দিল্লীৰ প্ৰশিক্ষকজনৰ বিষয়ে একো ইংগিত কৰিব খোজা নাই।” উল্লেখৰ প্ৰয়োজন যে দিল্লী ডাইনামোজ তালিকাৰ অন্তিম স্থানত আছে।

“আমাৰ বাবে, মই ভাবো, কোনেও এই অৱস্থানৰ কথা ভবা নাছিল। খেলুৱৈ আৰু কৰ্মকৰ্তাসকল এতিয়াৰ অৱস্থানক লৈ হয়তো খুবেই গৰ্বিত। কিন্তু আমাৰ সন্মুখত অতিক্ৰম কৰিবলৈ সুদীৰ্ঘ পথ আছে।” বিনয়েৰে তেওঁ কয়।

নিজকে খুব বাস্তৱবাদী মানুহ বুলি দাবী কৰে এলকো স্কেটৰিয়ে। “মই বৰ বাস্তৱমুখী মানুহ। আজিৰ খেলত আমি কি সফলতা পালো সেয়া দেখিলো। আমাৰ যাত্ৰা ইয়াৰ পৰাও অব্যাহত থাকিব।” কালিৰ খেলৰ শেষত এটা সাক্ষাৎকাৰত স্কেটৰিয়ে কয়।

অৱশ্যে দলটোৱে এতিয়াও ইয়াৰ ১৩খন খেল খেলিবলৈ বাকী আছে। তথাপি এইবাৰৰ প্ৰদৰ্শন যে সুকীয়া সেয়া ইতিপূৰ্বে প্ৰমাণ হৈছে। যোৱা গোটেই ছিজনটোত দলটোৱে মাত্ৰ ৩খনহে খেল জিকিবলৈ সক্ষম হৈছিল। আনহাতে এখন মাত্ৰ ড্ৰ খেলি বাকী ৭খন হাৰিছিল।

এই কথা স্পষ্ট যে জন আব্ৰাহামৰ দলটোত নতুনকৈ যোগদান কৰা নাইজেৰিয়ান তাৰকা ষ্ট্ৰাইকাৰ বাৰ্থলমেউ অগবেছেয়েই দলটোৰ পূৰ্বৰ প্ৰদৰ্শনৰ সৈতে মৌলিক পাৰ্থক্য আনি দিছে। অগবেছেই এই পৰ্য্যন্ত এটা হেটট্ৰিকৰ সৈতে মুঠ ৬টা গ’ল কৰিছে, যাৰ ফলত তেওঁ শীৰ্ষ গ’লদাতাত পৰিণত হৈছে।

দলটোৰ বিষয়ে কেইটামান প্ৰধান তথ্য-

নাম : নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি

স্বত্বাধিকাৰী : জন আব্ৰাহাম

প্ৰশিক্ষক : এলকো স্কেটৰি (Eelco Schattorie), নেদাৰলেণ্ড

অধিনায়ক : বাৰ্থলমেউ অগবেছেই, নাইজেৰিয়া

দলটোৰ এই পৰ্য্যন্ত প্ৰদৰ্শনৰ ওপৰত আলোকপাত-

দলটোৱে যোৱা ১ অক্টোবৰত ছিজনটোৰ খেলৰ পাতনি মেলে

শক্তিশালী গোৱাৰ বিৰুদ্ধে ২-২ গ’লত ড্ৰ

দ্বিতীয় খেল ৪ অক্টোবৰত পূৰ্বৰ দুবাৰৰ চেম্পিয়ন কলকাতাৰ বিৰুদ্ধে

নৰ্থ-ইষ্ট য়ুনাইটেড ১-০ গ’লত জয়ী

তৃতীয় খেল ১৮ অক্টোবৰত বৰ্তমানৰ চেম্পিয়ন চেন্নাই বিৰুদ্ধে

নৰ্থ-ইষ্ট য়ুনাইটেড ৪-৩ গ’লত জয়ী

অধিনায়ক নাইজেৰিয়ান তাৰকা বাৰ্থলমেউ অগবেছেই (Bartholomew Ogbeche) ৰ হেটট্ৰিক

চতুৰ্থ খেল ২৫ অক্টোবৰত জামছেদপুৰৰ বিৰুদ্ধে

১-১ গ’লত ড্ৰ

পঞ্চম খেল ৩০ অক্টোবৰত দিল্লী ডাইনামোজৰ বিৰুদ্ধে

নৰ্থ-ইষ্ট য়ুনাইটেড ২-০ গ’লত জয়ী