NORTHEAST NOW (Assamese)

প্লে-অফত স্থান সুৰক্ষিত কৰাৰ লক্ষ্যৰে আজি মুম্বাই চিটি এফ চিৰ বিৰুদ্ধে যুঁজিব নৰ্থ-ইষ্ট য়ুনাইটেড

February 13, 2019 3:49 pm · এন ই নাও নিউজ
Updated: February 13, 2019 3:55 pm
ফাইল ফটো

প্ৰত্যাহ্বান কঠিন হ’লেও প্লে-অফৰ লক্ষ্য লৈয়ে আজি খেলপথাৰত নামিব নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি। পইণ্ট তালিকাৰ চতুৰ্থ স্থানত থকা নৰ্থ-ইষ্ট য়ুনাইটেডে পইণ্ট তালিকাৰ দ্বিতীয় স্থানত থকা মুম্বাই চিটি এফ চিৰ বিৰুদ্ধে আজি মৰণপণ যুঁজত অৱতীৰ্ণ হ’ব।

আই এছ এলৰ বিগত সংস্কৰণ সমূহৰ তুলনাত চলিত বৰ্ষত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা নৰ্থ-ইষ্টে প্লে-অফলৈ যোগ্যতা অৰ্জন কৰিবলৈ হ’লে যিকোনো বিনিময়তে আজিৰ মেচখনৰ লগতে বাকী থকা মেচ কেইখনৰ পৰাও পইণ্ট সংগ্ৰহ কৰিব লাগিব।

উল্লেখ্য যে ১৫খন মেচৰ পৰা নৰ্থ-ইষ্ট য়ুনাইটেডে ২৪ পইণ্ট সংগ্ৰহ কৰি তালিকাৰ চতুৰ্থ স্থানত আছে যদিও দলটোক প্লে-অফৰ পৰা বাহিৰ কৰিবলৈ অহৰহ প্ৰচেষ্টা আগবঢ়াই আছে তালিকাৰ পঞ্চম স্থানত থকা জামছেদপুৰ এফ চিয়ে।

জামছেদপুৰ এফ চিয়েও সম সংখ্যক মেচ খেলি এই পৰ্যন্ত সংগ্ৰহ কৰিছে ২৩ পইণ্ট। নৰ্থ-ইষ্ট য়ুনাইটেডতকৈ ১ পইণ্ট পিছ পৰি থাকিলেও গ’ল পাৰ্থক্যত আগবাঢ়ি আছে জামছেদপুৰ এফ চি।

নক আউটত প্ৰৱেশ কৰিবলৈ নৰ্থ-ইষ্ট য়ুনাইটেডৰ হাতত আছে মাত্ৰ তিনিখন মেচ। ইয়াৰে এখন আজি অনুষ্ঠিত হ’ব মুম্বাইত। সেয়ে কোনো ভুল নকৰাকৈয়ে আজিৰ মেচৰ পৰা পইণ্ট সংগ্ৰহ কৰিবলৈ আলহী দল নৰ্থ-ইষ্ট য়ুনাইটেডে সৰ্বতোপ্ৰকাৰৰ চেষ্টা চলাব বুলি প্ৰশিক্ষক এলকো স্কেট’ৰিয়ে কয়।

ইফালে পইণ্ট তালিকাৰ দ্বিতীয় স্থানত থাকিলেও নক আউটলৈ পথ মসৃণ নহয় মুম্বাই চিটি এফ চিৰ। সেয়ে ঘৰুৱা দলটোৱেও আজিৰ মেচখন জয়ী হৈ প্লে-অফত স্থান সুৰক্ষিত কৰাৰ চেষ্টা চলাব।

Related News