পুনে চিটিৰ বিৰুদ্ধে ড্ৰ খেলিলে নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে; এতিয়াও সুৰক্ষিত হোৱা নাই প্লে-অফত স্থান

HT-Photo-M81-NEUFC-vs-FCPC3JPG

ইন্টাৰনেটৰ পৰা সংগৃহীত প্ৰতিনিধিত্বমূলক চিত্ৰ

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আজি অনুষ্ঠিত হোৱা আই এছ এলৰ এখন তীব্ৰ উত্তেজনাপূৰ্ণ খেলত পুনে চিটিৰ বিৰুদ্ধে ১-১ গ’লৰ ব্যাৱধানত ড্ৰ খেলে নৰ্থ-ইষ্ট য়ুনাইটেডে। ঘৰুৱা সমৰ্থকৰ সন্মুখত উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিলেও বিজয় সাব্যস্ত কৰিবলৈ সামৰ্থ নহ’ল নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি।

প্ৰথমাৰ্ধত দুয়োটা দলেই গ’ল স্ক’ৰ কৰিবলৈ ব্যৰ্থ হয় যদিও দ্বিতীয়াৰ্ধৰ আৰম্ভণিতেই অৰ্থাৎ ৪৭ মিনিটত নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিৰ ৰাউলিন বৰ্জেছে দলটোক অগ্ৰগতি দিবলৈ সক্ষম হৈছিল। কিন্তু নৰ্থ-ইষ্টৰ এই অগ্ৰগতি বেছি সময়লৈ থাকিব নিদি খেলৰ ৬৯ মিনিটত আদিল খানে কৰা গ’লৰ সহায়ত সমতা স্থাপন কৰে পুনে এফ চিয়ে।

ইফালে খেলৰ অন্তিম কেইটামান মূহুৰ্ত বাকী থকা অৱস্থাত নৰ্থ-ইষ্ট য়ুনাইটেড দলৰ মিডফিল্ডাৰ জোছে ডেভিদ লিউড’ৱে ৰঙা কাৰ্ড পোৱাত দলটো শলঠেকত পৰিছিল যদিও অৱশেষত মেচখন ১-১ ৰূপে সমাপ্ত হয়।

আজিৰ মেচখনত নৰ্থ-ইষ্ট য়ুনাইটেড দলৰ গ’ল ৰক্ষকে কেইবাটাও বল প্ৰতিহত কৰি দলক সাম্ভাব্য বিপদৰ পৰা উদ্ধাৰ কৰে।

এই মেচৰ অন্তত নৰ্থ-ইষ্ট য়ুনাইটেড পইণ্ট তালিকাৰ তৃতীয় স্থানত থাকে যদিও এতিয়াও প্লে-অফৰ বাবে সুৰক্ষিত নহয় স্থান। কিন্তু দলটোৱে প্লে-অফত খেলাৰ সম্ভাৱনা বৰ্তাই ৰাখিছে।

উল্লেখ্য যে চলিত ছিজনত নৰ্থ-ইষ্ট য়ুনাইটেড দলে এই পৰ্যন্ত ১৭ খন মেচ খেলি ৭ খনত জয়লাভ, ৩ খনত পৰাজয় আৰু ৭ খনত ড্ৰ খেলি বৰ্তমানলৈ সংগ্ৰহ কৰিছে ২৮ পইণ্ট।