আজি সৰুসজাইত নৰ্থ-ইষ্ট য়ুনাইটেডৰ বিৰুদ্ধে কেৰালা ব্লাষ্টাৰ্ছ : পুনৰ জয়ৰ ধাৰালৈ ওভতাৰ লক্ষ্য ঘৰুৱা দলৰ

এই পৰ্যন্ত নৰ্থ-ইষ্টে ছখন মেচৰ পৰা সংগ্ৰহ কৰিছে ১১ পইণ্ট, আছে তালিকাৰ পঞ্চম স্থানত

leaddrafee1

প্ৰতিনিধিত্বমূলক চিত্ৰ

বিগত চিজনসমূহৰ তুলনাত চলিত বছৰ দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই উত্তৰ-পূবৰ লগতে দেশৰ অন্য প্ৰান্তৰ ফুটবল প্ৰেমীৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি আজি মুখামুখি হ’ব পূৰ্বৰ ফাইনেলিষ্ট কেৰালা ব্লাষ্টাৰ্ছ দলৰ বিৰুদ্ধে।

যোৱা ৯ নৱেম্বৰত মুম্বাই চিটিৰ হাতত ঘৰুৱা খেলপথাৰতে পৰাস্ত হৈ আই এছ এলৰ পঞ্চম সংস্কৰণত অপ্ৰতিৰোধ্য ধাৰাৰ অন্ত পৰা নৰ্থ-ইষ্টে আজিৰ মেচখনৰ জৰিয়তে পুনৰ সাফল্যৰ ট্ৰেকলৈ উভটিবৰ বাবে আপ্ৰাণ চেষ্টা চলাব।

উল্লেখ্য যে আজি সন্ধিয়া গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া নৰ্থ-ইষ্টৰ সপ্তমখন মেচৰ বাবে সকলো খেলুৱৈ সম্পূৰ্ণৰূপে সাজু বুলি প্ৰশিক্ষকে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে।

ইতিমধ্যে ছখন মেচৰ পৰা ১১ পইণ্ট সংগ্ৰহ কৰি তালিকাৰ পঞ্চম স্থানত থকা নৰ্থ-ইষ্টৰ আটাইতকৈ চিন্তনীয় বিষয় এয়ে যে এই পৰ্যন্ত দলটোৱে নিজৰ ঘৰৰ মাটিত এখন মেচতো জয়ী হোৱা নাই। এফ চি গোৱা আৰু জামছেদপুৰৰ বিৰুদ্ধে ড্ৰ খেলাৰ বিপৰীতে মুম্বাই চিটিৰ বিৰুদ্ধে ঘৰৰ মাটিত পৰাস্ত হৈছে নৰ্থ-ইষ্ট য়ুনাইটেড।

আনহাতে এই পৰ্যন্ত দলটোৱে এ টি কে, চেন্নাইন আৰু দিল্লী ডাইনামোক পৰাস্ত কৰি পূৰ্বৰ চিজন সমূহৰ তুলনাত এইবাৰৰ দলটো শক্তিশালী বুলি ইতিমধ্যে পৰিচয় দিবলৈ সক্ষম হৈছে।