অপৰাজেয় নৰ্থ-ইষ্ট য়ুনাইটেড : জামছেদপুৰৰ বিৰুদ্ধে খেলিলে ড্ৰ

80cd6-15403612500922-800

ফাইল ফটো

জামছেদপুৰৰ জে আৰ ডি টাটা ক্ৰীড়া প্ৰকল্পৰ ষ্টেডিয়ামত আজি অনুষ্ঠিত হোৱা আই এছ এলৰ এখন তীব্ৰ উত্তেজনাপূৰ্ণ খেলত জামছেদপুৰ এফ চিৰ বিৰুদ্ধে ১-১ গ’লৰ ব্যৱধানত ড্ৰ খেলে নৰ্থ-ইষ্ট য়ুনাইটেডে।

মেচৰ প্ৰথমাৰ্ধতে চাৰ্জিঅ’ কেষ্টেলে ঘৰুৱা দল জামছেদপুৰ এফ চিক অগ্ৰগতি দিবলৈ সক্ষম হয়। তেওঁ গ’লটো প্ৰদান কৰে ২৮ মিনিটত।

গ’ল পৰিশোধৰ বাবে আলহী দল নৰ্থ-ইষ্ট য়ুনাইটেডৰ খেলুৱৈয়ে আপ্ৰাণ চেষ্টা চলাই যদিও প্ৰথমাৰ্ধ ১-০ত অন্ত পৰে।

প্ৰথমাৰ্ধৰ শেষৰ ফালে তীব্ৰ চাপত পৰা নৰ্থ-ইষ্টে দ্বিতীয়াৰ্ধত সৰ্ব শক্তিৰে যুঁজ দিয়াত মেচৰ অন্ত পৰিবলৈ কেইটামান মুহূৰ্ত বাকী থকা অৱস্থাত পেনাজিঅ’টিছ ট্ৰায়েদিছে সমতাসূচক গ’লটো প্ৰদান কৰে।। এনেদৰে মেচখন ১-১ত ড্ৰ ৰূপে সমাপ্ত হয়।

উল্লেখ্য যে ৯০ মিনিটত দিয়া গ’লটোৰ বাবেই চলিত ছিজনত কথমপি প্ৰথমটো পৰাজয়ৰ পৰা ৰক্ষা পৰে নৰ্থ-ইষ্ট য়ুনাইটেড।

আজিৰ মেচখন ড্ৰ খেলাৰ লগে লগে নৰ্থ-ইষ্ট য়ুনাইটেডে ৬খন মেচৰ পৰা ১০ পইণ্ট সংগ্ৰহ কৰি পইণ্টছ তালিকাৰ চতুৰ্থ স্থানলৈ অৱনমিত হয়। ইয়াৰ বিপৰীতে সম সংখ্যক মেচ খেলা জামছেদপুৰ এফ চিয়ে ১১ পইণ্টেৰে তালিকাৰ ২ নম্বৰ স্থানত আছে।