মুম্বাই এফ চিৰ বিৰুদ্ধে ড্ৰ খেলি পইণ্ট তালিকাৰ তৃতীয় স্থানত নৰ্থ-ইষ্ট য়ুনাইটেড

FT-Photo-M25-NEUFC-vs-MCFC_3

আই এছ এলত বুধবাৰে নিশা অনুষ্ঠিত হোৱা নৰ্থ-ইষ্ট য়ুনাইটেড আৰু মুম্বাই চিটি এফ চিৰ মাজৰ খেলখন ২-২ত অন্ত পৰে।

গুৱাহাটীৰ সৰুসজাইস্থিত ইন্দিৰাগান্ধী এথলেটিকছ ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হোৱা খেলখনত আৰম্ভণিৰে পৰা ঘৰুৱা দল নৰ্থ-ইষ্ট য়ুনাইটেড আৰু আলহী দল মুম্বাই এফ চিয়ে যথেষ্ট আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰে।

তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলখনৰ প্ৰথমাৰ্ধৰ ৯ মিনিটতে নৰ্থ-ইষ্ট য়ুনাইটেডৰ হৈ পেনাগিয়টিছ ট্ৰায়েডিছে দলক অগ্ৰগতি প্ৰদান কৰে। কিন্তু সেই উল্লাস বেছি দেৰি থাকিবলৈ নাপাওঁতেই ২২ মিনিটত মুম্বাইয়ে আমিনে চেমিতিৰ জৰিয়তে সমতা স্থাপন কৰে।

ইফালে প্ৰথমাৰ্ধৰে ৩২ মিনিটত মুম্বাই এফ চিৰ আমিনে চেমিতিয়ে ব্যক্তিগত তথা দলৰ হৈ দ্বিতীয়টো গ’ল কৰি আলহী দলটোক প্ৰথমাৰ্ধতে ২-১ৰ অগ্ৰগতি দিবলৈ সক্ষম হয়।

প্ৰথমাৰ্ধৰ শেষৰ ফালে তীব্ৰ চাপত পৰা ঘৰুৱা দল নৰ্থ-ইষ্টে দ্বিতীয়াৰ্ধত সৰ্ব শক্তিৰে যুঁজ দিয়াত আছামোহ জিয়ানে ৪২ মিনিটত সমতা আনি দিয়ে। এনেদৰে ২-২ত প্ৰথমাৰ্ধৰ খেল অন্ত পৰে।

দ্বিতীয়াৰ্ধত দুয়োটা দলে গ’ল কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল যদিও ব্যৰ্থ হোৱাত মেচখন ২-২ত ড্ৰ হয়। মেচখনত দুয়োটা দলে ১ পইণ্টকৈ ভগাই লয়।

নৰ্থ-ইষ্ট য়ুনাইটেডে বুধবাৰৰ মেচখন ড্ৰ খেলাৰ লগে লগে পইণ্টছ তালিকাৰ তৃতীয় স্থানলৈ উন্নীত হোৱাৰ বিপৰীতে মুম্বাই চিটি এফ চি ৭ নম্বৰ স্থানত আছে।