আই এছ এলৰ তৃতীয় খেলত বিজয়ৰ লক্ষ্যৰে আজি গোৱাৰ বিৰুদ্ধে খেলপথাৰত নামিব নৰ্থ-ইষ্ট য়ুনাইটেড  

ইণ্ডিয়ান চুপাৰ লীগৰ আজি নিশা অনুষ্ঠিত হ’বলগীয়া এখন খেলত নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে শক্তিশালী এফ চি গোৱাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

আজিৰ খেলখনত নৰ্থ-ইষ্ট য়ুনাইটেডৰ বিৰুদ্ধে বিজয়ৰ লক্ষ্যৰে খেলপথাৰত অৱতীৰ্ণ হ’ব গোৱা।

আনহাতে, প্ৰতিযোগিতাখনত নৰ্থ-ইষ্ট য়ুনাইটেডৰ এইখন হ’ব তৃতীয় খেল। প্ৰখমখন খেলত বিজয়ী আৰু দ্বিতীয়খন খেল ড্ৰ খেলাৰ পাছত স্বাভাৱিকতে নৰ্থ-ইষ্ট য়ুনাইটেডৰ খেলুৱৈ সকলৰ মনোবল বৃদ্ধি হৈ আছে।

নৰ্থ-ইষ্ট য়ুনাইটেডে প্ৰথমখন খেলতে শক্তিশালী মুম্বাই চিটি এফ চিক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল আৰু দ্বিতীয়খন খেলত আন এটা শক্তিশালী দল কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে ড্ৰ খেলিছিল।

গোৱাৰ বিৰুদ্ধে খেলৰ পূৰ্বে নৰ্থ-ইষ্ট য়ুনাইটেডৰ স্পেনিছ প্ৰশিক্ষক জেৰাৰ্ড নাছে তেওঁলোকে বিজয়ৰ লক্ষ্যৰে খেলপথাৰত অৱতীৰ্ণ হ’ব বুলি মন্তব্য কৰে।

বিজয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ’লেও প্ৰতিপক্ষ গোৱাক কোনোপধ্যে সহজভাৱে গ্ৰহণ কৰিব বিচৰা নাই নৰ্থ-ইষ্ট য়ুনাইটেডৰ খেলুৱৈ সকলে।