NORTHEAST NOW (Assamese)

নৰৱে চেছ ২০২৪: তৃতীয় স্থানত থমকিল প্ৰজ্ঞানন্দ,চেম্পিয়ন মেগনাছ কাৰ্লছন

June 8, 2024 2:53 pm · এন ই নাও নিউজ, গুৱাহাটী

শুকুৰবাৰে নৰৱে চেছ ২০২৪ৰ প্ৰতিযোগিতাখনৰ দশম আৰু অন্তিম ৰাউণ্ডত হিকাৰু নাকামুৰাক পৰাস্ত কৰি ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ আৰ প্ৰজ্ঞানন্দাই নৰৱে দবা ২০২৪ৰ মুকলি শাখাত তৃতীয় স্থান দখল কৰে। বিশ্বৰ ১ নং স্থানৰ খেলুৱৈ মেগনাছ কাৰ্লছন প্ৰতিযোগিতাখনত চেম্পিয়ন হিচাপে পৰিগণিত হয়৷

ইফালে, মহিলা শাখাত ভাৰতৰ গ্ৰেণ্ড মাষ্টাৰ আৰ বৈশালীয়ে চতুৰ্থ স্থান দখল কৰাৰ বিপৰীতে জি এম কনেৰু হাম্পিয়ে পঞ্চম স্থান দখল কৰে।এই ফলাফলৰ জৰিয়তে কাৰ্লছনে ষষ্ঠটো নৰৱে দবা খিতাপ দখল কৰিছে।

ঐতিহাসিক খিতাপ লাভ কৰে জু ৱেনজুনে-
মহিলা প্ৰতিযোগিতাত জু ৱেনজুনে ইতিহাস ৰচনা কৰে, কাৰণ তেওঁ প্ৰতিযোগিতাখনৰ প্ৰথম সংস্কৰণতে খিতাপ দখল কৰিছিল। চীনৰ বিশ্ব চেম্পিয়নশ্বিপৰ চেলেঞ্জাৰ লেই টিংজিক এই খেলখনত জুৱে পৰাস্ত কৰে।

চূড়ান্ত ষ্টেণ্ডিং – নৰৱে দবা ২০২৪-

১) মেগনাছ কাৰ্লছন – ১৭.৫ পইণ্ট
২) হিকাৰু নাকামুৰা – ১৫.৫ পইণ্ট
৩) প্ৰজ্ঞানন্দ আৰ – ১৪.৫ পইণ্ট
৪) আলিৰেজা ফিৰৌজজা – ১৩.৫ পইণ্ট
৫) ফেবিয়ানো কাৰুয়ানা – ১১.৫ পইণ্ট
৬) ডিং লিৰেন – ৭ পইণ্ট

মহিলা শাখা

১/ জু ৱেনজুন – ১৯ পইণ্ট
২) আন্না মুজিচুক – ১৬ পইণ্ট
৩) লেই টিংজি – ১৪.৫ পইণ্ট
৪) বৈশালী আৰ – ১২.৫ পইণ্ট
৫) কনেৰু হাম্পি – ১০ পইণ্ট
৬) পিয়া ক্ৰামলিং – ৮ পইণ্ট

Related News