কৰ’নাৰ ফলত আৰ্থিক মন্দা; এপ্ৰিলত বিক্ৰী নহ’ল মাৰুতিৰ এখনো গাড়ী

550626-maruti

মহামাৰী কৰ’না ভাইৰাছৰ আতংকই ভাৰতকে ধৰি গোটেই বিশ্বৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলাইছে।

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে বলবৎ কৰা লকডাউনৰ ফলত বহু উদ্যোগৰ অৱস্থা শোচনীয় হৈ পৰিছে। গাড়ী নিৰ্মাণকাৰী অটো ইণ্ডাষ্ট্ৰীও বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।

দেশৰ আটাইতকৈ বৃহৎ গাড়ী নিৰ্মাতা কোম্পানী মাৰুতি চুজুকী ইণ্ডিয়াই যোৱা মাহত এখনো গাড়ী বিক্ৰী কৰিবলৈ সক্ষম নহ’ল।

কোম্পানীটোৰ ইতিহাসত প্ৰথমবাৰৰ বাবে যোৱা এপ্ৰিল মাহটোত এখনো গাড়ী বিক্ৰী নহ’ল। শুকুৰবাৰে কোম্পানীটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি এপ্ৰিল মাহত তেওঁলোকৰ কাৰৰ কোনো গ্ৰাহক নাপালে।

যোৱা ২৫ মাৰ্চৰ পৰা দেশত আৰম্ভ হোৱা লকডাউনৰ পৰিপ্ৰেক্ষিতত চৰকাৰী নিৰ্দেশনা অনুসৰণ কৰি মাৰুতি চুজুকী ইণ্ডিয়াই ২২ মাৰ্চৰ পৰাই উৎপাদন বন্ধ কৰি দিয়ে।

অৱশ্যে, কোম্পানীটোৱে কৰ’নাৰ বিৰুদ্ধে যুঁজত চৰকাৰক সহযোগিতা কৰাৰ বাবে তেওঁলোকৰ প্ৰকল্পটোত ভেন্টিলেটৰ, মাস্ক আদি তৈয়াৰ কৰি আছে।

কেবল মাৰুতিয়েই নহয়, প্ৰায়বোৰ গাড়ী নিৰ্মাতা কোম্পানীৰে অৱস্থা শোচনীয় আৰু যিধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে তালৈ চাই বজাৰলৈ কেতিয়া ভাল দিন আহিব সেয়া কোৱাটো কঠিন হৈ পৰিছে।

আনহাতে, অটো ইণ্ডাষ্ট্ৰীসমূহে লকডাউনৰ পূৰ্বৰে পৰা সমস্যাৰ মুখামুখি হ’বলগীয়া হৈছে। বিশেষকৈ BS4ৰ পৰা BS6 লৈ ৰূপান্তৰিত কৰাৰ কাৰণে কোম্পানীৰ লোকচান হৈছিল। কিন্তু লকডাউনে তেওঁলোকৰ অৱস্থা আৰু অধিক শোচনীয় কৰিলে।

বাতৰি অনুসৰি, মাৰ্চ মাহতো মাৰুতিৰ গাড়ী বিক্ৰীত স্থৱিৰতা আহি পৰিছিল। লকডাউনৰ খোলাৰ কিছু দিনৰ পাছত অৱস্থা ভাললৈ আহিব বুলি অনুমান কৰা হৈছে যদিও ইয়াৰ বাবে স্বাভাৱিক অৱস্থালৈ আহিবলৈ কিমান সময় লাগে সেয়া কোৱাটো কঠিন হৈ পৰিছে।