NORTHEAST NOW (Assamese)

কেটৰিনা বা ঐশ্বৰ্য নহয়! ৰূপালী পৰ্দাত চুম্বন নকৰাৰ সিদ্ধান্ত লোৱা ছলমানে কোনগৰাকী অভিনেত্ৰীৰ বাবে সলনি কৰিছিল নীতি?

May 29, 2024 9:31 pm · এন ই নাও নিউজ, গুৱাহাটী

ছলমান খান এনে এজন অভিনেতা যি ৰূপালী পৰ্দাত চুম্বন নকৰাৰ সিদ্ধান্ত লৈছিল। বলীউডৰ তাৰকা ছলমান খানে এসময়ত নিজৰ বাবে এই নিয়ম কৰিছিল। তেওঁক বিভিন্ন চৰিত্ৰত অভিনয় কৰা দেখা গৈছে। ব্যক্তিগত জীৱনতো তেওঁৰ জীৱনলৈ বহু মহিলা আহিছে। কিন্তু পৰ্দাত চুম্বন কৰাৰ দৃশ্যটোত অভিনয় কৰিবলৈ তেওঁ একেবাৰেই ইচ্ছুক নাছিল। কিন্তু এই নিয়ম ভংগ কৰিলে বলীউডৰ ভাইজানে।

ঐশ্বৰ্য ৰায় বচ্চন আৰু কেটৰিনা কাইফৰ সৈতে ছলমানৰ প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু তেওঁ পৰ্দাত প্ৰেমিকাৰ সৈতে চুম্বন কৰা দৃশ্যত অভিনয় কৰা নাছিল। গতিকে কোনগৰাকী অভিনেত্ৰীৰ বাবে তেওঁ নিয়ম ভংগ কৰিলে? ১৯৯৬ চনত ছলমানে ‘জীত’ নামৰ এখন ছবিত অভিনয় কৰিছিল। তেওঁৰ বিপৰীতে আছিল অভিনেত্ৰী কৰিশ্মা কাপুৰ। সেই ছবিখনত কৰিশ্মাৰ সৈতে ছলমানৰ চুম্বন কৰাৰ দৃশ্য আছিল।

কিন্তু ছলমানে চিত্ৰনাট্যৰ স্বাৰ্থত সেই চুম্বন কৰি দৃশ্যটোত অভিনয় কৰিবলৈ সন্মত হ’ল। শেহতীয়াকৈ এজন অনুৰাগীয়ে এই দৃশ্যৰ ফটো পোষ্ট কৰিছিল। অনুৰাগীগৰাকীয়ে লগতে লিখিছে যে চুমাৰ দৃশ্য থাকিলেও এই দৃশ্যতো ছলমানে সঠিকভাৱে চুম্বন কৰা নাছিল।

ইয়াৰ পাছত ২০১৭ চনত কেটৰিনা কাইফক ‘টাইগাৰ জিন্দা হায়’ ছবিত কেমেৰাৰ সন্মুখত চুম্বন কৰিবলৈ কোৱা হৈছিল। সেই দৃশ্যত অভিনয় কৰিবলৈ সন্মত নহ’ল ছলমান। পৰিচালক আলী আব্বাছ জাফৰে ছলমানক পতিয়ন নিয়াবলৈ বহু চেষ্টা কৰিছিল। কিন্তু ভাইজন নিজৰ কথাত অটল ব্যক্তি । গতিকে পৰ্দাতো তেওঁ কেটৰিনাক চুম্বন কৰা নাছিল।

Related News