অসমৰ চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে এক সুখবৰ। অহা মাহত মুক্তি লাভ কৰিব প্ৰথিতযশা চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ পৰিচালিত শেহতীয়া অসমীয়া ছবি ‘ভগা খিৰিকী’য়ে।
অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাডৰ প্ৰিয়ংকা চোপ্ৰাৰ Purple Pebble Pictures আৰু শ্বাহনাব আলমৰ Easterly Entertainment’ৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখনেৰে উদ্ধোধন কৰা হ’ব ২৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব লগা দ্বিতীয় গুৱাহাটী আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ।
ইয়াৰ পিছতে ২৬ অক্টোবৰৰ পৰা অসমৰ ছবি গৃহসমূহত দৰ্শকে ছবিখন উপভোগ কৰিব পাৰিব। একে সময়তে ৰাজ্যৰ বাহিৰৰ চলচ্চিত্ৰ গৃহটো ছবিখনে মুক্তি পাব।
আজি গুৱাহাটীৰ জ্যোতি চিত্ৰবনত চলচ্চিত্ৰখনৰ পোষ্টাৰ মুকলি কৰা হয়। এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত পৰিচালক জাহ্নু বৰুৱা, প্ৰযোজক ডঃ মধু চোপ্ৰা আৰু শ্বাহনাব আলম, মুখ্য অভিনেত্ৰী জেৰিফা ৱাহিদ, সংগীত পৰিচালক ইবছন লাল বৰুৱা, গায়িকা অনিন্দিতা পাল, কলা নিৰ্দেশক ফটিক বৰুৱা আৰু কাৰ্যকৰি পৰিচালক ছৰটাজ আলম উপস্থিত থাকে।
তেওঁলোকৰ উপৰি উক্ত অনুষ্ঠানটোত জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটা আৰু গুৱাহাটী আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ সঞ্চালিকা মনিটা বৰগোহাঁই উপস্থিত থাকে।