লুইত আৰু ভূপেন হাজৰিকাৰ মাজত কোনো পাৰ্থক্য নাই : ৰং বং তেৰাং

IDEA0009166

“লুইত আৰু ভূপেন হাজৰিকাৰ মাজত কোনো পাৰ্থক্য নাই। লুইতক যিয়ে বুজি পাইছে ভূপেন হাজৰিকাৰ চিন্তাকো তেওঁ বুজি পাব।” এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি ৰংবং তেৰাঙৰ।

শুকুৰবাৰে গুৱাহাটী চহিদ ন্যাসত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত উদ্দীপনা ২০১৮ ৰ শ্ৰাব্য সংকলন উন্মোচনী সভাত এই মন্তব্য কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে।

বৰ্তমান ৰাজ্যত সংঘটিত হত্যা-হিংসাৰ পৰিবেশক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি ইয়াৰ বিপৰীতে সুধাকন্ঠই গীতৰ কথা আৰু সুৰেৰে বিচৰা মৈত্ৰীৰ পৰিবেশ গঢ়াৰ আহ্বান জনায়।

তেওঁ কাৰ্বি পাহাৰৰ সৌন্দৰ্য আৰু সহজ-সৰল মানুহৰ কথা দোহাৰি সেই সমুহে শিল্পী-সাহিত্যিককে ধৰি প্ৰতিজন লোকক মৰমেৰে আদৰি লয় বুলিও উল্লেখ কৰে। একে প্ৰসংগতে ডকমকাৰ পানজুৰিত সংঘটিত নীলোৎপল-অভিজিতৰ হত্যা কাণ্ডৰ ঘটনাৰ বাবেও দুখ প্ৰকাশ কৰে।

তেৰাঙে কয় যে  লুইত মহামিলনৰ তীৰ্থ। বুঢ়া লুইতে দুয়োপাৰৰ পাহাৰ-ভৈয়ামৰ মানুহৰ হাহাকাৰ শুনি চিৰ প্ৰৱাহমান হৈ আছে। ঠিক তেনেদৰে ভূপেন হাজৰিকাইও অসমৰ পাহাৰ ভৈয়ামৰ দুখ-বেদনা উপলব্ধি কৰি গৈছে। তেওঁ লগতে সুধাকন্ঠৰ আদৰ্শই  অসমৰ পাহাৰ-ভৈয়ামৰ মানুহক একত্ৰিত কৰি ৰাখিব বুলিও আশা প্ৰকাশ কৰে।

এই অনুষ্ঠানত বিশিষ্ট সংগীত পৰিচালক জিতু-তপনো উপস্থিত থাকি সুধাকন্ঠৰ সৈতে কটোৱা সময়ৰ স্মৃতি দোহাৰে।অনুষ্ঠানত সুধাকন্ঠৰ জন্মদিনত অসমৰ ৩৪ খন মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ সংগীত শিল্পীয়ে পৰিবেশন কৰা গীতৰ শ্ৰাব্য সংকলন উন্মোচন হয়।