‘চাৰিশাল গোঁসানীৰ তেজ’ৰ স্ৰষ্টা, উপন্যাসিকা তুলিকা শইকীয়াৰ দেহাৱসান

গোলঘাটৰ নিবাসী উপন্যাসিকা, গল্পকাৰ, ‘চাৰিশাল গোঁসানীৰ তেজ’ শীৰ্ষক উপন্যাসৰ বাবে ২০১৪ চনৰ সন্মানীয় ‘মুনীন বৰকটকী সাহিত্য বঁটা’ লাভ কৰা তুলিকা শইকীয়াৰ আজি পুৱতি নিশা প্ৰায় ৩ বাজত দেহাৱসান ঘটে।

দীৰ্ঘদিন ধৰি বৃক্ক ৰোগত ভূগি আছিল তুলিকা শইকীয়া। চিকিৎসা অব্যাহত আছিল যদিও উপন্যাসিকা গৰাকীয়ে অৱশেষত আজি নিয়তিৰ ওচৰত হাৰ মানিব লগীয়া হয়।

প্ৰয়াত শইকীয়াই ২০১৪ চনত ‘চাৰিশাল গোঁসানীৰ তেজ’ উপন্যাসখনৰ বাবে মুনীন বৰকটকী সাহিত্য বঁটা লাভ কৰিছিল। লগতে বহু কেইখন গ্ৰন্থ ৰচনাৰে শইকীয়াই সাহিত্য জগতত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ অৱশ্যে বৰ্তমানো তুলিকা শইকীয়াৰ কেইবাখনো উপন্যাস, গল্প-পুথি অপ্ৰকাশিত অৱস্থাত আছে।

১৯৭৭ চনত জন্ম গ্ৰহণ কৰা বিশিষ্ট লেখিকাগৰাকীয়ে কুশল কোঁৱৰ বাল্য ভৱনত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছিল। মৃত্যুৰ সময়ত শইকীয়াই গিৰিয়েক তনুজ তামুলী আৰু এগৰাকী কন্যা সন্তানক এৰি থৈ গৈছে।