দিখৌমুখৰ বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী সত্যৰঞ্জন দত্তৰ দেহাৱসান

IMG-20181009-WA0068

শিৱসাগৰ জিলাৰ দিখৌমুখৰ দুলীয়া গাঁৱৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী তথা খনাখোকোৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰতিস্থাপক সহ শিক্ষক, সত্যৰঞ্জন দত্তৰ(৭৬) সোমবাৰে নিশা প্ৰায় ৩ বজাত বাৰ্দ্ধক্যজনিত কাৰণত নিজা বাসগৃহতে দেহাৱসান ঘটে।

উল্লেখ্য যে ছাত্ৰাৱস্থাৰ পৰাই সমাজৰ বিভিন্ন ক্ষেত্ৰত সক্ৰিয় ভাৱে জড়িত হোৱা দত্তই যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত স্নাতক শাখাত অধ্যয়নৰত অৱস্থাতে অঞ্চলটোৰ দুলীয়া আৰু খনাখোকোৰাত শিক্ষাৰ পোহৰ বিলাবলৈ স্থানীয় আন কেইবাগৰাকী পুৰোধা ব্যক্তিৰ লগত লগ হৈ ১৯৬২ চনত খনাখোকোৰা উচ্চ মাধ্যমিক বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল।

শিক্ষকতাৰ দৰে বৃত্তিৰ পৰা ১৯৯৮ চনত অৱসৰ গ্ৰহণ কৰা দত্ত জন্মলগ্নৰে পৰা জাতীয়বাদী মনোভাৱাপন্ন আছিল। তেওঁ আমগুৰি সমষ্টি অগপৰ এগৰাকী সক্ৰিয় কৰ্মী হিচাবেও পৰিচিত আছিল।

এইগৰাকী সৰবৰহী ব্যক্তিৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাই। মঙলবাৰে দত্তৰ নশ্বৰ দেহ খনাখোকোৰা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনলৈ লৈ যোৱা হয় আৰু বিদ্যালয় চৌহদতে ছাত্ৰ-ছাত্ৰী তথা বিদ্যালয় কৰ্তৃপক্ষৰ লগতে দিখৌমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়, দুলীয়া গাঁও নামঘৰ পৰিচালনা সমিতি, দিখৌমুখ প্ৰেছ ক্লাব আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে স্থানীয় অগণন গুণমুগ্ধই দত্তৰ নশ্বৰ দেহত পুস্পমাল্যৰে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ পাছতে স্থানীয় নিৰ্বাণ স্মশানলৈ নি এক শোকাকুল পৰিৱেশত দত্তৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত দত্তই সহ ধৰ্মিনী, দুই পুত্ৰ, এগৰাকী বিবাহিতা কন্যা, বোৱাৰী, জী-জোৱাই, নাতি-নাতিনী সহ বহু আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়।

দত্তৰ মৃত্যুত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকা, বিশিষ্ট সমাজকৰ্মী ফটিক নেওগ, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভানেত্ৰী অংকিতা দত্ত আদিয়ে গভীৰ শোক প্ৰকাশ কৰি দত্তৰ শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।