দেশৰ স্বাধীনতা দিৱসৰ উদযাপনৰ মুহূৰ্তত গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা চাৰিটা প্ৰশ্ন দাঙি ধৰা হৈছে। ইয়াত উত্তৰ দিছে বিশিষ্ট লেখিকা ৰত্না ভৰালী তালুকদাৰে –
প্ৰশ্নঃ স্বাধীনতাৰ ৭৬ বৰ্ষত আমাৰ দেশ আজি এক অস্বাভাৱিক সংকটৰ গৰাহত। এতিয়া আমাৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান কি বুলি আপুনি ভাবে?
উত্তৰঃ স্বাধীনতাৰ ৭৬ বৰ্ষত ক্ষমতাত থকা সাম্প্ৰদায়িক শক্তিয়ে দেশৰ অখণ্ডতাৰ আধাৰস্বৰূপ ধৰ্মনিৰপেক্ষতাক নস্যাৎ কৰি ন্যায়পালিকা, বিধানমণ্ডল, সংবাদ মাধ্যমকে ধৰি দেশৰ সাংবিধানিক প্ৰতিষ্ঠানসমূহৰ প্ৰতি অনা ভাবুকিয়েই আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান বুলি ভাবোঁ। ধৰ্মনিৰপেক্ষতা আৰু সাংবাধানিক প্ৰতিষ্ঠানসমূহক নস্যাৎ কৰি বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে দেশৰ জনসাধাৰণক ধৰ্মৰ নামত আৰু জাতিপ্ৰথাৰ নামত ভাগ ভাগ কৰি পেলাইছে। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় সমাগত নিৰ্বাচনত সাম্প্ৰদায়িক শক্তিৰ পৰাভূত কৰি গণতান্ত্ৰিক প্ৰমূল্যক উৰ্ধত তুলি ধৰা শক্তিৰ হাতত দেশৰ শাসনভাৰ তুলি দিয়া।
প্ৰশ্নঃ গণতন্ত্ৰৰ লগত অৰ্থনৈতিক সমতাৰ প্ৰশ্নটো আপুনি কেনেকৈ চাব?
উত্তৰঃ ৰাইজৰ অৰ্থনৈতিক সমতা অবিহনে গণতন্ত্ৰৰ প্ৰতিষ্ঠা সম্ভৱ নহয়। আমাৰ ৰাজ্যৰ এক তৃতীয়াংশ লোক দৰিদ্ৰ সীমাৰ তলত বাস কৰে। চৰকাৰ হিতাধিকাৰী আঁচনিয়ে তেওঁলোকৰ কোনো উপকাৰ সাধন কৰিব পৰা নাই। গাৱঁৰ কৃষক পৰিয়ালৰ দৰিদ্ৰ বিধবা নাৰীয়েও এতিয়া বাট-পথ নিৰ্মাণৰ কামত নিশাৰ খেপৰ হাজিৰা কাম কৰি পেট প্ৰৱৰ্তাব লগা হৈছে। ধনী আৰু দুখীয়াৰ মাজত ব্যৱধান বাঢ়ি আহিছে। এই ব্যৱধানে বহু কষ্টৰ মূৰত আৰ্জিত দেশৰ গণতন্ত্ৰক প্ৰহসনলৈ পৰিণত কৰি পেলোৱাৰ উপক্ৰম কৰিছে।
প্ৰশ্নঃ এই যে বৰ্তমান চৰকাৰে নিৰ্বিচাৰে ৰাজহুৱা সম্পদ আৰু সম্পত্তিবোৰ ব্যক্তিগত পুঁজিপতিক গতাই দিছে তাৰ ভৱিষ্যত পৰিনাম কি হ’ব বুলি ভাবে?
উত্তৰঃ এহাতে সাধাৰণ মানুহৰ বাবে কৰ্মসংস্থাপনৰ বাট নাই আৰু আনহাতে চৰকাৰে দেশৰ সকলো সম্পদ এটা এটাকৈ বৃহৎ পূঁজিপতিৰ হাতত তুলি দিছে। দেশৰ আধা সম্পদ এক শতাংশ বৃহৎ পূঁজিপতিৰ হাতত কুক্ষিগত হৈছে । দেশৰ সম্পদ, প্ৰযুক্তি সকলো আজি এমুঠি পূঁজিপতিৰ হাতত। এনে অৱস্থাত দেশত প্ৰকৃত গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱা সম্ভৱ নহয়, বৰং ই সামন্ততন্ত্ৰৰ পিনেহে আমাক লৈ যাব।
প্ৰশ্নঃ আজি পৰিস্থিতিত আমি কেনেকৈ সাংবিধানিক প্ৰমূল্য আৰু গণতান্ত্ৰিক অনুষ্ঠানৰ সমূহৰ স্বতন্ত্ৰতা ৰক্ষা কৰিম?
উত্তৰঃ আজিৰ পৰিস্থিতিত সাংবাধানিক প্ৰমূল্য আৰু গণতান্ত্ৰিক অনুষ্ঠানসমূহৰ স্বতন্ত্ৰতা ৰক্ষা কৰাৰ একমাত্ৰ উপায় হৈছে গণতান্ত্ৰিক মনোভাৱাপন্ন সকলো লোক একেখন মঞ্চৰ তলত সমবেত হোৱা, গণতন্ত্ৰৰ হকে প্ৰবল জনমত গঢ়ি তোলা আৰু দেশৰ সাংবাধানিক সংকট তথা গণতন্ত্ৰলৈ অহা ভাবুকিবোৰৰ সন্দৰ্ভত সাধাৰণ মানুহক সচেতন কৰি তোলা।