কেন্দ্ৰৰ ঘোষণাত নতুনত্ব নাই, গৃহ মন্ত্ৰী সিঙৰ সংবাদমেলৰ পিছতে প্ৰতিক্ৰিয়া আছু-কৃষক মুক্তিৰ

AASU on India's New Education Policy 2020

প্ৰতীক আছুৰ।

বিগত ৩৩ বছৰ ধৰি সমাধান নোহোৱা অসম চুক্তিৰ ৬ নং দফাক লৈ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিটা মাহ থকা অৱস্থাত কেন্দ্ৰত শাসনত থকা বিজেপিয়ে লোৱা সিদ্ধান্তক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছু আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

লগতে পঢ়ক– মোদী কেবিনেটৰ সিদ্ধান্তসমূহ

বুধবাৰে মোদী কেবিনেটে লৈছে এই সিদ্ধান্ত। ২০১৪ৰ লোকসভা আৰু ২০১৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী ভাষণত ঘোষণা কৰাৰ পাছত পুনৰ নিৰ্বাচন অহাৰ আগ মুহূৰ্তত শাসক দল বিজেপিৰ মুখত ওলাইছে এই কথা।

কেবিনেটৰ বৈঠকৰ পাছত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে সন্ধিয়া নতুন দিল্লীত সংবাদমেল পাতি এই ঘোষণা কৰাৰ লগতে ইয়াৰ কাৰ্য্যকৰীকৰণৰ বাবে এখন উচ্চস্তৰীয় সমিতি গঠনৰ সিদ্ধান্ত লৈছে।

কিন্তু এই ঘোষণাত আশ্বস্ত নহয় সদৌ অসম ছাত্ৰ সন্থা। গৃহ মন্ত্ৰীৰ সংবাদমেলৰ পাছতেই ইয়াত কোনো নতুনত্ব নাই বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

‘কেৱল কমিটীৰ ওপৰত কমিটী গঠনেৰে কেন্দ্ৰই অসমক প্ৰতাৰণা কৰি আহিছে। পূৰ্বেও এইদৰে ত্ৰিপাক্ষিক কমিটী গঠন কৰা হৈছিল। বিধান সভা আৰু স্থানীয় নিকায়সমূহত আসন সংৰক্ষণৰ ঘোষণা কোনো নতুন কথা নহয়। কেন্দ্ৰই কেৱল আভুৱা ভাঁৰি আছে।’

কেন্দ্ৰৰ পৰা আভুৱাৰ বিপৰীতে এতিয়া ফলাফলহে লাগে বুলিও ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাগৰাকীয়ে মন্তব্য কৰে।

একেদৰে, কেবিনেটৰ বৈঠকত এনেধৰণৰ কিছুমান সিদ্ধান্ত গ্ৰহণ হ’ব বুলি অসমৰ একাংশ সংবাদ মাধ্যমত আগতীয়াকৈ প্ৰকাশিত বাতৰিৰ আলমত ৰাজনাথ সিঙৰ সংবাদমেলৰ কিছুসময় আগত গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে।

বিজেপি চৰকাৰৰ এই সিদ্ধান্ত নিৰ্বাচনৰ আগৰ ‘জুমলা’ আৰু ‘দিল্লীৰ লাড়ু’ৰ বাহিৰে একো নহয় বুলি মন্তব্য কৰে। লগতে এনেধৰেণৰ আভুৱা ভাঁৰা কথাত গুৰুত্ব নিদিবলৈও তেওঁ অসমৰ ৰাইজলৈ আহ্বান জনায়।

‘অসম চুক্তি’ৰ ৬ নম্বৰ দফা ৰূপায়ন কৰিলেও অসমৰ বিশেষ একো লাভ নহয় বুলিও অখিল গগৈয়ে মন্তব্য কৰে। দফাটোত সামাজিক, সাংস্কৃতিক আৰু ভাষিক পৰিচয়ৰ সুৰক্ষাৰ কথাহে আছে কিন্তু তাত অসমৰ মানুহৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰৰ কথা উল্লেখ নথকাৰ কথাটোও তেওঁ উনুকিয়াই দিয়ে।