চিবিএছচিত ৩৫৭টা খালী পদত দিব নিযুক্তি; কেনেকৈ কৰিব আবেদন?

_fc7eda46-08ec-11ea-8da7-95ed4a38ab68 mxt

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএছচি) বিভিন্ন পদৰ বাবে সৰ্ব ভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে পোনপটীয়া নিযুক্তৰ বাবে অনলাইন আবেদন আহ্বান কৰিছে।

পদসমূহৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থীয়ে অহা ১৬ডিচেম্বৰ,২০১৯’ৰ দিনৰ ১১.৫৯ বজাৰ ভিতৰত cbse.nic.in ত অনলাইনযোগে আবেদন কৰিব পাৰে। আবেদন প্ৰক্ৰিয়া ইতিমধ্যে ১৫ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে।

নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা ৩৫৭টা পদৰ ভিতৰত থকা পদসমূহ হৈছে-এছিষ্টেন্ট ছেক্ৰেটাৰী(১৪),এছিষ্টেন্ট ছেক্ৰেটাৰী(আই টি) (১৪), এনালাইষ্ট (আই টি) (১৪), জুনিয়ৰ হিন্দী ট্ৰেন্সলেটৰ (৮), ছিনিয়ৰ এছিষ্টেন্ট(৬০), ষ্টেনোগ্ৰাফাৰ(২৫), একাউন্টেন্ট(৬), জুনিয়ৰ এছিষ্টেন্ট (২০৪) আৰু জুনিয়ৰ একাউন্টেন্ট (১৯)ৰ পদ।

আবেদন মাছুলঃ

এছিষ্টেন্ট ছেক্ৰেটাৰী ,এছিষ্টেন্ট ছেক্ৰেটাৰী(আই টি), আৰু এনালাইষ্ট (আই টি) পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীয়ে আবেদন মাছুল হিচাপে ১,৫০০টকা আদায় দিব লাগিব। বাকী পদসমূহৰ বাবে আবেদনকাৰীয়ে আদায় দিব লাগিব ৮০০টকা।

আনহাতে, অনুসূচীত জাতি/অনুসূচীত জনজাতি/বিশেষভাৱে সক্ষম/প্ৰাক্তন চাকৰিয়াল/মহিলা/নিয়মীয়া চিবিএছচিৰ কৰ্মচাৰীয়ে আবেদন মাছুল দিব নালাগে।

খালী পদ, অর্হতাকে ধরি আন গুরুত্বপূর্ণ তথ্যৰ বাবে প্ৰাৰ্থীসকলে ইয়াৰ আনুষ্ঠানিক জাননী পঢ়ি চাব।

কেনেকৈ কৰিব আবেদনঃ

১. অফিচিয়েল ৱেবছাইট খোলক

২. হোমপেজত গৈ ‘In Focus’ শাখাত থকা “‘CBSE Recruitment 2019 Advt Apply Online,’ লিংকটোত ক্লিক কৰক।

৩. স্ক্ৰীণত এটা নতুন পেজ ওলাব

৪. পৰৱৰ্তী পৰ্যায়লৈ আগবঢ়াৰ পূৰ্বে নিৰ্দেশনাখিনি ভালকৈ পঢ়ি ল’ব

৫. আপুনি যদি নতুন য়ুজাৰ তেতিয়াহ’লে ষ্টাৰ্ট টেব’ত ক্লিক কৰক আৰু বিচৰা প্ৰয়োজনীয় তথ্যখিন দিয়ক

৬. এবাৰ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন আই ডি হৈ যোৱাৰ পাছত উবতি গৈ লগ ইন টেব’ত ক্লিক কৰক

৭. স্ক্ৰীণত এটা নতুন পেজ ওলাব

৮. আপোনাৰ সৱিশেষ দি লগ ইন কৰক

৯. প্ৰয়োজনীয় সকলো তথ্য পূৰ কৰক আৰু সকলো সমৰ্থিত নথি আপলোড কৰক

১০. পেমেন্ট আদায় দিয়ক

১১. আবেদন প্ৰপত্ৰ ডাউনলোড কৰক আৰু ইয়াৰ এটা প্ৰিন্ট আউট ভৱিষ্যতে ব্যৱহাৰৰ বাবে লগত ৰাখক