NORTHEAST NOW (Assamese)

‘কোভিড কালত অষ্ট্ৰেলিয়াৰ হোটেলত মোৰ খাদ্যত বিষ মিহলোৱা হৈছিল,’ বিস্ফোৰক অভিযোগ জ’কভিচৰ

January 10, 2025 1:21 pm · এন ই নাও নিউজ, গুৱাহাটী

নোভাক জ’কভিচক বিষ দিয়া হৈছিল। ২০২২ চনৰ জানুৱাৰী মাহত অষ্ট্ৰেলিয়ান অ’পেনত খেলিবলৈ তেওঁ সেই দেশলৈ গৈছিল। কিন্তু তেওঁক অষ্ট্ৰেলিয়াত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল। কৰ’না ভাইৰাছৰ প্ৰতিষেধক নোলোৱাৰ বাবে তেওঁক দেশত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল। জ’কভিচক এখন হোটেলত গৃহবন্দী কৰি ৰখা হৈছিল। টেনিছ তাৰকাগৰাকীয়ে অভিযোগ কৰে যে সেই সময়ত তেওঁক বিষ দিয়া হৈছিল।

অহা দেওবাৰে আৰম্ভ হ’ব অষ্ট্ৰেলিয়ান অ’পেনৰ প্ৰথম ৰাউণ্ড। এইবাৰ খেলিবলৈ তেওঁৰ কোনো বাধা নাই। কিন্তু তিনি বছৰৰ আগৰ পৰিস্থিতি এনে নাছিল। সেইবাৰ জ’কভিচক অষ্ট্ৰেলিয়াৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। মেলবৰ্ণৰ এখন হোটেলত তেওঁক গৃহবন্দী কৰি ৰখা হৈছিল। তেওঁৰ ভিছা বাতিল কৰা হৈছিল।

জ’কভিচে কয় যে “সেই সময়ত মোৰ কিছু শাৰীৰিক সমস্যা আছিল। মই বুজিব পাৰো যে মেলবৰ্ণত থকা হোটেলখনত মোৰ খাদ্যত বিষ মিহলোৱা হৈছিল। সেইটোৱেই আছিল মোৰ অসুস্থতাৰ একমাত্ৰ কাৰণ।” জ’কভিচে কয় যে সেই সময়ত তেওঁৰ তীব্ৰ জ্বৰ হৈছিল।

২৪টা গ্ৰেণ্ড শ্লেমৰ গৰাকীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে ছাৰ্বিয়ালৈ উভতি আহিছিল। তাতেই তেওঁৰ দেহত সীহ আৰু পাৰা পোৱা গৈছিল। ভিছাৰ সমস্যাৰ বাবে ঘৰলৈ উভতি আহিবলগীয়া হৈছিল। সেই সময়ত ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক লোৱা নহ’লে অষ্ট্ৰেলিয়াত প্ৰৱেশ নিষিদ্ধ আছিল। কিন্তু জ’কভিচে কৰ’না ভেকচিন ল’বলৈ অস্বীকাৰ কৰে। সেইবাবেই তেওঁক ২০২২ চনৰ অষ্ট্ৰেলিয়ান অ’পেনত খেলিবলৈ দিয়া নহ’ল। একে কাৰণতে তেওঁ সেই বছৰ ইউ এছ অ’পেনত খেলিব নোৱাৰিলে।

পিছৰ বছৰত অৱশ্যে অষ্ট্ৰেলিয়াত প্ৰৱেশৰ কোনো নিষেধাজ্ঞা নাছিল। জ’কভিচে অষ্ট্ৰেলিয়ালৈ গৈ দশম সংখ্যক অষ্ট্ৰেলিয়ান অ’পেনত জয়লাভ কৰে। কিন্তু ২০২২ চনৰ ঘটনাবোৰে তেওঁৰ মনত এটা ছাপ পেলাই থৈ গ’ল। জ’কভিচে কয়, “সেই কাণ্ডৰ পিছৰে পৰা প্ৰতিবাৰেই মই অষ্ট্ৰেলিয়ালৈ আহিছো আৰু মোৰ পাছপ’ৰ্ট পৰীক্ষা কৰা হৈছে, তেতিয়াই ২০২২ চনৰ স্মৃতিবোৰ ঘূৰি আহিছে। ইমিগ্ৰেচন প্ৰক্ৰিয়াৰ সময়ত এতিয়াও মই অস্বস্তি অনুভৱ কৰিছো।”

বিষক্ৰিয়াৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো মেলবৰ্ণৰ হোটেল বা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁৰ কোনো ক্ষোভ নাই বুলি জ’কভিচে কয়। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ টেনিছ তাৰকাগৰাকীয়ে কয় যে কেৱল এই ঘটনাই তেওঁক মানসিক আঘাত হৈ ৰৈ গৈছে। অষ্ট্ৰেলিয়াত খেলি থাকোঁতে তেওঁ বাৰে বাৰে অনুভৱ কৰিছিল যে হয়তো তেওঁক পুনৰ বন্দী কৰি নিভৃতবাসত ৰখা হ’ব। সেই ঘটনাটো তেওঁ পাহৰিব পৰা নাই।

দেওবাৰৰ পৰা আৰম্ভ হ’ব এইবাৰৰ অষ্ট্ৰেলিয়ান অ’পেন। ১৯ বছৰীয়া ৱাইল্ডকাৰ্ডত সুযোগ লাভ কৰা নিছ বাছাভেৰেডীৰ বিৰুদ্ধে অষ্ট্ৰেলিয়ান অ’পেন অভিযান আৰম্ভ কৰিব জ’কভিচে। দেওবাৰেই অনুষ্ঠিত হ’ব সেই মেচখন।

Related News