৩৬ৰ দুৰন্ত তৰুণ! ২৪ সংখ্যক গ্ৰেণ্ড শ্লেম, ইউ এছ অ’পেনত জয়লাভ কৰি জ’কভিচৰ নতুন অভিলেখ

বিশ্ব টেনিছৰ অবিসম্বাদী তাৰকা জ’কভিচৰ আন এক অভিলেখ। এইবাৰ তেওঁ সকলোকে অতিক্ৰম কৰিলে। ডেনিল মেডভেডেভক পৰাস্ত কৰি ন’ভাক জ’কভিচে ইউ এছ অ’পেন জয়লাভ কৰিলে। এয়া তেওঁৰ ২৪ সংখ্যক গ্ৰেণ্ড শ্লেম খিতাপ জয়।

২০২১ চনৰ ইউ এছ অ’পেনৰ ফাইনেলত ৰাছিয়ান তাৰকাগৰাকীৰ হাতত পৰাস্ত হোৱাৰ পাছতো দেওবাৰে বিশ্বৰ এক নম্বৰ টেনিছ তাৰকাগৰাকীয়ে কোনো চাপ অনুভৱ কৰা নাছিল। ষ্ট্ৰেইট ছেটত মেডভেডেভক পৰাস্ত কৰিলে। খেলখনৰ ফলাফল আছিল ৬-৩, ৭-৬, ৬-৩।

বছৰৰ শেষৰটো গ্ৰেণ্ড শ্লেম জয় কৰি মাৰ্গাৰেট ক’ৰ্টক স্পৰ্শ কৰিলে জ’কভিচে। ৩৬ বছৰ বয়সত ছাৰ্বিয়ান তাৰকাগৰাকী নতুন অভিলেখৰ গৰাকী হৈ পৰিল। ইয়াৰ পূৰ্বে ৰজাৰ ফেডাৰেৰে আৰু ৰাফেল নাডালক চেৰ পেলাইছিল। এইবাৰ পুৰুষ, মহিলা নিৰ্বিশেষে সৰ্বাধিক একক গ্ৰেণ্ড শ্লেম বিজয়েৰে মাৰ্গাৰেট ক’ৰ্টক স্পৰ্শ কৰিলে। অহা বছৰ তেওঁক অতিক্ৰম কৰি টেনিছ ইতিহাসৰ সৰ্বকালৰ মহান খেলুৱৈ হিচাপে পৰিগণিত হোৱাৰ সুযোগ আছে জ’কভিচৰ।

দুবছৰ পূৰ্বে এই আৰ্থাৰ এশ্ব ষ্টেডিয়ামতে মেডভেডেভৰ হাতত পৰাস্ত হৈছিল ফাইনেলত। কালি তাৰ প্ৰতিশোধ ল’লে। প্ৰথম ছেটৰ আৰম্ভণিতে বিপক্ষৰ চাৰ্ভিচ ভাঙে। মেদভেদেভক আৰু পোনাবই নিদিলে। প্ৰথম ছেটত তেওঁ ৬-৩ ব্যৱধানত জয়লাভ কৰে।

দ্বিতীয় ছেটত মেচলৈ ঘূৰি আহিবলৈ চেষ্টা কৰিছিল মেডভেডেভে। টাইব্ৰেকাৰলৈ যায়। দ্বিতীয় ছেটতো ১ ঘণ্টা ৪৪ মিনিটত জয়লাভ কৰে জ’কভিচে। গ্ৰেণ্ড শ্লেমৰ ইতিহাসত প্ৰথম দুটা ছেট জয় কৰা ছাৰ্বিয়ান খেলুৱৈগৰাকীক পৰাস্ত কৰাটো প্ৰায় অসম্ভৱ। ইমান বছৰৰ কেৰিয়াৰৰ প্ৰথমটো ছেট জয় কৰাৰ পিছত তেওঁ মাত্ৰ এবাৰহে পৰাস্ত হয়।

ছেমি ফাইনেলত কাৰ্লোছ আলকাৰেজক মেডভেডেভে পৰাস্ত কৰিলেও  জ’কভিচৰ সন্মুখত তিষ্ঠিবই নোৱাৰিলে। তৃতীয় ছেটতে ৰাছিয়ান বিপক্ষক উৰুৱাই দিয়ে। উইম্বলডনৰ বাহিৰেও জ’কভিচে এইবাৰ তিনিটাকৈ গ্ৰেণ্ড শ্লেম লাভ কৰে।