চত্তীশগড়, ৰাজস্থান, তেলেংগানা, মিজোৰামৰ লগতে মধ্যপ্ৰদেশে চলিত বৰ্ষৰ শেষত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। এই ৰাজ্যসমূহৰ নিৰ্বাচনক কেন্দ্ৰ কৰিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ এবাৰ আৰ্বান নক্সালৰ প্ৰসংগ আনি বিৰোধী দল কংগ্ৰেছক আক্ৰমণ কৰিছে।
সোমবাৰে মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত অনুষ্ঠিত দলীয় বৈঠকত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাবী কৰে যে আৰ্বান নক্সালৰ কংগ্ৰেছৰ সৈতে ঘনিষ্ঠ সংস্পৰ্শত আছে। ইয়াৰ সমান্তৰালকৈ মোদীয়ে কংগ্ৰেছক মমৰে ধৰা লোহা বুলিও ঠাট্টা-মস্কৰা কৰে। প্ৰধানমন্ত্ৰী মোদীৰ মতে, কংগ্ৰেছৰ দিনত মধ্যপ্ৰদেশ বেমাৰী ৰাজ্যলৈ পৰিণত হৈছিল আৰু বিজেপিৰ শাসন কালত উন্নতি ঘটিছে।
সোমবাৰে বিজেপিৰ ‘কাৰ্যকতা মহাকুম্ভ’ কাৰ্যসূচীৰ উন্মোচনী অনুষ্ঠান এইদৰে কংগ্ৰেছক কঠোৰ ভাষাৰে আক্ৰমণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ লগতে কয় যে স্বাধীনতাৰ পিছৰে পৰা মধ্যপ্ৰদেশত কংগ্ৰেছৰ ক্ষমতা আছিল যদিও উন্নয়ন আৰু অৰ্থনীতিৰ ক্ষেত্ৰত ৰাজ্যখন অত্যন্ত দুৰ্বল হৈ থাকিল। মোদীয়ে দাবী কৰে যে বিজেপিৰ শাসনৰ দুটা দশকত ৰাজ্যৰ জনসাধাৰণে উন্নয়নৰ মুখ দেখিছে।
মোদীয়ে লগতে কয় মহিলা সংৰক্ষণ বিধেয়ক কাৰ্যকৰী নহ’ব যদিহে কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলসমূহ কেন্দ্ৰত ক্ষমতালৈ আহে। তেওঁৰ মতে, কংগ্ৰেছ দুৰ্নীতি, দৰিদ্ৰতা আৰু অত্যাচাৰৰ প্ৰতীক। মোদীয়ে লগতে দাবী কৰে যে কংগ্ৰেছ এটা কোম্পানী, যাৰ নেতাসকলে আনকি আৰ্বান নক্সালবাদীৰ পৰাও শ্লোগান আমদানি কৰে। তেওঁ আৰু কয়, ‘কংগ্ৰেছ প্ৰথমে ধ্বংস হৈছে, তাৰ পিছত দেউলীয়া হৈছে। এতিয়া দলটো আন কাৰোবাৰ নিয়ন্ত্ৰণত আছে। কাৰ নিয়ন্ত্ৰণত আছে জানেনে?’ ইয়াৰ উত্তৰত মোদীয়ে কয় যে বৰ্তমান আৰ্বান নক্সালবাদীয়ে কংগ্ৰেছক নিয়ন্ত্ৰণ কৰি আছে।
ইফালে ৰাজনৈতিক বিশ্লেষকৰ মতে, মোদীয়ে শিৱৰাজ সিং চৌহান চৰকাৰে চিন্তা পেলাইছে প্ৰধানমন্ত্ৰী মোদীক। কাৰণ কেবাটাও সমীক্ষাৰ মতে এইবাৰ মধ্যপ্ৰদেশত কংগ্ৰেছে বিজেপিক শলঠেকত পেলোৱাই নহয় ক্ষমতাচ্যুতো কৰিব পাৰে। যোৱা কেইমাহমানত ইজনৰ পিছত সিজন বিজেপি নেতাই কংগ্ৰেছত যোগদান কৰিছে। ইয়াৰ ভিতৰত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী কৈলাশ যোশীৰ পুত্ৰ দীপক যোশীৰ দৰে হেভিৱেট নেতা।