কৰ’না ভাইৰাছৰ পৰা সাৰি নগ’ল বাঘো; শৰীৰত ধৰা পৰিল COVID-19 পজিটিভ

1-7-750x375

প্ৰতিনিধিত্বমূলক ফটো

মানৱ জাতিৰ প্ৰতি বিভীষিকা নমাই অনাৰ পাছত মহামাৰী কৰ’না ভাইৰাছে এইবাৰ আক্ৰমণ কৰিছে পশু জগতকো।

সংবাদ সংস্থা ৰয়টাৰৰ বাতৰি অনুসৰি, নিউয়ৰ্ক মহানগৰীৰ ব্ৰংস (Bronx)চিৰিয়াখানাৰ এটা বাঘৰ শৰীৰত কৰ’না ভাইৰাছৰ দ্বাৰা হোৱা শ্বাস-নিশ্বাসজনিত ৰোগটোত পজিটিভ ধৰা পৰিছে।

মানুহক সংক্ৰমিত কৰা ৰোগে এটা জন্তুক সংক্ৰমিত কৰি অসুস্থ কৰা এইটো প্ৰথম ঘটনা বুলি চিৰিয়াখানাখনৰ মুখ্য পশু চিকিৎসকগৰাকীয়ে দেওবাৰে সদৰী কৰে।

এটা বিবৃতিত কোৱা হৈছে যে  চিৰিয়াখানাখন পৰিচালনা কৰা বন্যপ্ৰাণী সংৰক্ষণ ছচাইটিটোৱে আন তিনিটা বাঘ আৰু তিনিটা সিংহৰ লগতে এক শুকান কাহত ভোগাৰ পাছত COVID-19 ৰ পৰীক্ষা কৰাত চাৰি বছৰীয়া নাদিয়া নামৰ মালায়ান বাঘটোৰ শৰীৰত পজিটিভ ধৰা পৰে।

অৱশ্যে আটাইকেইটা বাঘেই সুস্থ হৈ উঠিব বুলি আশা প্ৰকাশ কৰা হৈছে।

ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা COVID-19 জন্তুৰ পৰা মানুহলৈ সংক্ৰমণ হোৱাৰ ধাৰণা কৰা হয় আৰু হংকঙত কেইবাটাও জন্তুৰ শৰীৰত পজিটিভ পোৱা গৈছে।

কিন্তু বিষয়াসকলে ইয়াক এটা সুকীয়া ঘটনা বুলি ধাৰণা কৰে কিয়নো চিৰিয়াখনাৰ এগৰাকী কৰ্মচাৰীৰ কোনো লক্ষণ নেদেখুওৱা ৰোগ (asymptomatic) ধৰা পৰাৰ পাছত নাদিয়া অসুস্থ হৈ পৰে।

আনহাতে, আন বাঘ আৰু সিংহবোৰেও লক্ষণসমূহ প্ৰকাশ কৰাৰ কৰাৰ পাছত চিৰিয়াখানাখনে কেবল নাদিয়াক পৰীক্ষা কৰাৰ সিদ্ধান্ত লয়। কিয়নো তাই বৰকৈ অসুস্থ হৈ পৰাৰ লগতে খাবলৈ ভোক নোহোৱা আচৰণ আৰম্ভ কৰিছিল। তেওঁলোকে সকলো বাঘকে চেতনানাশক দ্ৰৱ্য দিব বিচৰা নাছিল।

নাদিয়াৰ প্ৰকৃততে কি হৈছে তাক জানিবলৈ তাইৰ এক্সৰে, এখন আলট্ৰাছাউণ্ড আৰু তেজৰ পৰীক্ষা কৰা হৈছিল।

তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰত সংহাৰী ৰূপ ধাৰণ কৰা মহামাৰীটোৰ অভিকেন্দ্ৰ হিচাপে চিনাক্ত হৈ পৰা নিউয়ৰ্ক চহৰৰ পৰিস্থিতিলৈ চাই নাদিয়াৰ COVID-19ৰ পৰীক্ষা কৰাৰ সিদ্ধান্ত লয়।

পৰীক্ষাটো সম্পন্ন কৰা ইউ এছ ডিপাৰ্টমেন্ট অফ এগ্ৰিকালচাৰ নেশ্যনেল ভেটেৰেনাৰী চাৰ্ভিচেছ লেবৰেটৰীছৰ মতে,  যোৱা মাৰ্চ মাহৰ মাজভাগৰ পৰা আৱদ্ধ কৰি ৰখা চিৰিয়াখানখনৰ প্ৰথম বাঘটোৱে যোৱা ২৭ মাৰ্চত অসুস্থ হৈ পৰাৰ লক্ষণসমূহ প্ৰদৰ্শন কৰিছিল।