নাগা পতাকা আৰু সংবিধান চূড়ান্ত চুক্তিত থাকিব লাগিব: ৰাজ্যপাল ৰৱিক এন পি এফ

Zeliang NPF wants inclusion of Naga flag and constitution in the final agreement on Naga political issue

জেলিয়াং আৰু ৰাজ্যপাল ৰৱি। ফাইল ছবি।

নাগা আলোচনাৰ চূড়ান্ত সমাধানক লৈ চলিত ব্যাপক চৰ্চাৰ মাজতে, নাগা পীপলছ ফ্ৰণ্টে চুক্তিত নাগা পতাকা আৰু সংবিধান থাকিব লাগিব বুলি মত প্ৰকাশ কৰিছে।

তেওঁলোকৰ এক প্ৰতিনিধি দলে শনিবাৰে ৰাজ্যপাল আৰ এন ৰৱিক সাক্ষাৎ কৰাৰ পিছতে নাগালেণ্ডৰ প্ৰধান বিৰোধী দলটোৱে বিষয়টোত নিজৰ পূৰ্বৰ স্থিতিকে দোহাৰিছে।

চলিত আলোচনাত ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী ৰাজ্যপাল ৰৱিয়ে নাগালেণ্ডৰ বাবে পৃথক সংবিধান আৰু পতাকাৰ দাবীক কেন্দ্ৰীয় চৰকাৰে নাকচ কৰাৰ কথা শেহতীয়াকৈ সদৰী কৰিছিল।

এন পি এফ প্ৰতিনিধি দলটোৱে চলিত শান্তি আলোচনাৰ সমাধান শ্বিলং চুক্তিৰ পুনৰাবৃত্তি নোহোৱাৰ প্ৰতি চকু দিবলৈয়ো ৰাজ্যপাল ৰৱিক আহ্বান জনাইছে।

প্ৰাক্তন মুখ্য মন্ত্ৰী তথা চলিত নাগালেণ্ড বিধান সভাৰ বিৰোধী দলপতি টি আৰ জেলিয়াঙৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে এই সন্দৰ্ভত এক বিবৃতি জাৰি কৰিছে।

নাগা-ভাৰত চৰকাৰ শান্তি আলোচনা সন্দৰ্ভত স্থিতি স্পষ্ট কৰি এন পি এফে কৈছে যে চূড়ান্ত সমাধানটো স্থায়ী শান্তি প্ৰতিষ্ঠাত বিফল হোৱা পূৰ্বৰ ১৬ দফীয়া চনদ বা শ্বিলং চুক্তিৰ পুনৰাবৃত্তি হ’ব নালাগে।

এই কথা নিশ্চিত কৰাৰ বাবে চূড়ান্ত চুক্তিত সকলো নাগা গোটকে সামৰি ল’বলৈ নাগা আলোচনাত ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী ৰাজ্যপাল ৰৱিক দলটোৱে আহ্বান জনাইছে।

“চূড়ান্ত সমাধানৰ পূৰ্বে আদিন’ ফিজ’ নেতৃত্বাধীন গোটটোকে ধৰি সকলো নাগা গোটকে লগত ল’বলৈ ৰাজ্যপালক আমি জোৰ দিছো। নাগাসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত  চূড়ান্ত চুক্তিৰ পৰা কোনো সশস্ত্ৰ গোটকে বাদ দিব নালাগে,” এন পি এফৰ বিবৃতিত প্ৰকাশ।

ৰাজ্যখনৰ প্ৰধান বিৰোধী দলটোৱে লগতে কৈছে যে কেন্দ্ৰই কোনোধৰণৰ “পক্ষপাতিত্বমূলক চুক্তি” (piecemeal agreement)ত সন্মতি দিয়াটো উচিত নহ’ব।

“চূড়ান্ত সমাধান নাগাসকলৰ মাজতে মতানৈক্যৰ কাৰণ হৈ উঠিব নালাগে,” এন পি এফৰ মত।

আনহাতে, ৰাজ্যখনত প্ৰযোজ্য হৈ থকা ভাৰতীয় সংবিধানৰ ৩৭১ (এ) অনুচ্ছেদৰ কিছু দফাৰ “আঁসোৱাহ”ও দলটোৱে ৰাজ্যপালক আঙুলিয়াই দিছে।

“ইয়াক (অনুচ্ছেদটো) শক্তিশালী কৰিব লাগে আৰু অস্পষ্টতা দূৰ কৰাৰ বাবে অধিক দফা ইয়াত সংযোজন কৰিব লাগে,” এন পি এফে কয়।

ৰৱিয়ে তেওঁলোকৰ কথা “ধৈৰ্য্যসহকাৰে” শুনা বুলি উল্লেখ কৰি দলটোৱে প্ৰকাশ কৰা মতে ৰাজ্যপালজনে খুব সোনকালেই এক “ঐতিহাসিক সমাধান” আহিব বুলি আশা ব্যক্তি কৰিছে।

ৰাজ্যপালে নাগাসকলৰ স্বাৰ্থ আৰু কল্যাণ সুৰক্ষিত কৰাৰ বাবে প্ৰতিশ্ৰুতি আগবঢ়াইছে, বিবৃতিটোত প্ৰকাশ।

ৰাজ্যপাল আৰ এন ৰবি আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ মাজত নতুন দিল্লীত হোৱা শেহতীয়া বৈঠকত নাগা আলোচনাৰ বিষয়টো আলোচিত হোৱা বুলি বাতৰি প্ৰকাশ পাইছে।

১৯৯৭ চনৰ পৰা ভাৰত চৰকাৰৰ লগত আলোচনাত থকা এন এচ চি এন (আই এম) নেতা থুইংগালেং মুইভাই কেন্দ্ৰৰ স্থিতিৰ বিৰোধিতা কৰি সুকীয়া পতাকা আৰু সংবিধানক নাগা আলোচনাৰ মূল বিষয়ৰূপে অভিহিত কৰিছিল।

তাৰ পিছতেই আলোচনাটোৰ “ফ্ৰে’মৱৰ্ক এগ্ৰিমেণ্ট”খনৰ নীতি শীঘ্ৰে কাৰ্য্যকৰী কৰাৰ দাবীত নাগা ষ্টুডেণ্টছ ফেডাৰে’চনে নতুন দিল্লীত সমদল বাহিৰ কৰিছিল।