NORTHEAST NOW (Assamese)

তেজপুৰত এন পি পিৰ প্ৰাৰ্থীয়ে পানী কৰিব পাৰে পল্লৱৰ পদুম ফুলোৱাৰ স্বপ্ন!

March 24, 2019 11:20 pm · এন ই নাও নিউজ
Updated: March 25, 2019 11:19 am
পল্লৱ লোচন দাস। ফাইল ছবি।

আসন্ন লোকসভা নিৰ্বাচনত এন পি পিৰ তেজপুৰৰ প্ৰাৰ্থী ৰাম বাহাদুৰ চ’নাৰে বিপদৰ মুখত পেলাব পাৰে নেদা-মিত্ৰ বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসক।

প্ৰায় ২ লাখ গোৰ্খা ভোটাৰে নিৰ্ণায়ক ভূমিকা লোৱা সমষ্টিটোত “জাতিৰ প্ৰতিনিধি” বৰ্তমানৰ সাংসদ ৰামপ্ৰসাদ শৰ্মাক টিকেট নিদিয়াক লৈ সমগ্ৰ অসমৰে গোৰ্খাসকল ক্ষুভিত কৰা বুলি ব্যাপক চৰ্চা চলি আছে।

সেই পৰিস্থিতিত আছাম ৰাইফলছৰ প্ৰাক্তন সেনানী চ’নাৰক এন পি পিৰ প্ৰাৰ্থিত্ব দান নিৰ্ণায়ক হ’ব জয়-পৰাজয়ত। এন পি পিৰ প্ৰাৰ্থীজন নিজে হয়তো বিজয়ী হ’ব নোৱাৰিব পাৰে, কিন্তু নিৰ্ধাৰণ কৰিব পাৰে কংগ্ৰেছ বা বিজেপি প্ৰাৰ্থীৰ ভাগ্য।

এন পি পিয়ে অসমত আত্মপ্ৰকাশ কৰিছেহে, চ’নাৰো খুব জনাজাত ব্যক্তি নহয় সমষ্টিটোত। কিন্তু সমষ্টিটোৰ পূৰ্বৰ নিৰ্বাচনী পৰিসংখ্যা চালে গোৰ্খাসকলৰ নিৰ্ণায়ক ভূমিকা চকুত পৰে।

১৯৯১ চনত স্বৰূপ উপাধ্যায় কংগ্ৰেছ দলৰ পৰা সাংসদ নিৰ্বাচিত হোৱাৰ পৰা এতিয়ালৈকে দুটা নিৰ্বাচন বাদ দি যোৱা চাৰিটাকৈ নিৰ্বাচনত সমষ্টিটো গোৰ্খা সাংসদৰ দখলত আছে। কংগ্ৰেছৰ মণিকুমাৰ চুব্বা ১৯৯৮, ’৯৯ আৰু ২০০৪ চনত সমষ্টিটোৰ পৰা নিৰ্বাচিত হৈছিল। বৰ্তমানৰ সাংসদ ৰামপ্ৰসাদ শৰ্মা বিজয়ী হৈছিল ২০১৪ চনত।

’১৪ৰ নিৰ্বাচনত মোদী ঢৌ আৰু নিজৰ স্তিমিত হৈ পৰা ৰাজনৈতিক প্ৰভাৱৰ মাজতো কংগ্ৰেছৰ টিকেট নোপোৱা তদানীন্তন সাংসদ মণিকুমাৰ চুব্বাই নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰি দখল কৰিছিল প্ৰায় ৭০ হাজাৰ ভোট।

১২ লাখতকৈ অধিক ভোটাৰ থকা সমষ্টিটোত ’১৪ত গেৰুৱা প্ৰাৰ্থী শৰ্মাৰ ৪৪৬৫১১টা ভোটৰ বিপৰীতে কংগ্ৰেছৰ ভূপেন কুমাৰ বৰাই লাভ কৰিছিল ৩৬০৪৯১টা ভোট।

আৰু ইয়াত মোদী ঢৌৰ মাজতো গেৰুৱা প্ৰাৰ্থীগৰাকীৰ বিজয়ত নিৰ্ণায়ক ভূমিকা লৈছিল নিৰ্দলীয় চুব্বাই পোৱা প্ৰায় ৭০হাজাৰ ভোটে।

যদি গোৰ্খা ভোট বিজেপিৰ বিৰুদ্ধে যায়, তেন্তে শেষ হাঁহি মাৰিব পাৰে কংগ্ৰেছ প্ৰাৰ্থী “বহিৰাগত” এম জি ভি কে ভানুৱে। ভানুৱে ইতিমধ্যে গোৰ্খা টুপী পৰিধান কৰি সোঁৱে-বাঁৱে গোৰ্খা সমৰ্থক লৈ প্ৰচাৰত ভ্ৰমা দেখা পোৱা গৈছেই।

সমষ্টিটোত বিজেপি প্ৰাৰ্থী শেষ মুহূৰ্তলৈকে থিৰাং নোহোৱাৰ বিপৰীতে অৱসৰৰ পিছত কংগ্ৰেছত যোগদান কৰিয়ে টিকেট পোৱাৰ পূৰ্বেই সমষ্টিটোত দিনে-নিশাই ব্যাপক প্ৰচাৰ চলাই আছে ভানুৱে।

তাৰোপৰি আছে বঞ্চিত ৰামপ্ৰসাদ শৰ্মা! এই নিৰ্বাচনত টিকেট নোপোৱাটোৱেই নিষ্ঠাৱান “আৰ এচ এচ”, “পুৰণা” বিজেপি শৰ্মাৰ ৰাজনৈতিক কেৰিয়াৰৰ অন্ত পেলালে বুলি বহুতে মন্তব্য কৰিলেও, তেওঁ এতিয়াও ৰাজনীতি এৰাৰ কথা কোৱা নাই, বিজেপিও এৰা নাই, নতুনকৈ বিজেপি গঢ়াৰ কথাহে কৈছে।

শৰ্মাৰ বাবে অনুকূল গোৰ্খা-নিৰ্ভৰ সমষ্টিটোত নিজৰ ভৱিষ্যত ৰাজনৈতিক জীৱনৰ সম্ভাৱনা জীয়াই ৰখাৰ বাবে তেওঁক প্ৰয়োজন পল্লৱ লোচন দাসৰ পৰাজয়হে!

সমষ্টিটোত আছে বহুসংখ্যক চাহ বাগিচাৰ আদিবাসী ভোটাৰো, কিন্তু “জাতিৰ প্ৰতিনিধি” পল্লৱ লোচন দাসৰ প্ৰতি তেওঁলোকৰ সৰ্বাত্মক সমৰ্থন নাই। কংগ্ৰেছ জনগোষ্ঠীটোৰ পুৰণি মিত্ৰ। জনগোষ্ঠীটোৰ পৰিচিত মুখৰ নেতা কংগ্ৰেছত এতিয়াও বিজেপিতকৈ বেছি আছে। সেই ফালৰ পৰা এইখিনি ভোটাৰৰ মাজত দুয়ো প্ৰধান দলৰ ভোট দখলৰ সম্ভাৱনা ৫০: ৫০।

Related News