• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দীৰ্ঘদিনে জনজাতিকৰণৰ দাবীত ৰাজপথ কঁপাই অহা ছয় জনগোষ্ঠীৰ নেতাক ‘টোপ’ দিলে নেকি বিজেপিয়ে?

বিজেপি চৰকাৰৰ কাৰ্য্যকাল শেষ হওঁ হওঁ; নহ'ল জনজাতিকৰণ, তথাপি নিমাত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 24, 2019 11:27 pm
SC-status

জনজাতিকৰণৰ দাবীত প্ৰতিবাদ কৰাৰ সময়ৰ এটা দৃশ্য। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৪ চনৰ পৰা প্ৰত্যেকটো নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দি আহিছিল কেন্দ্ৰীয় আৰু ৰাজ্যিক শাসনাধীন বিজেপি চৰকাৰে। তাৰ সমান্তৰালকৈ নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি ছয় জনগোষ্ঠীৰ নেতাসকলে সহস্ৰাধিক লোকক ৰাজপথত নমাই ধাৰাবাহিক আন্দোলন কৰি আহিছিল। কিন্তু হঠাতে যেন স্তব্ধ হৈ গ’ল জনজাতিকৰণৰ আন্দোলন।

সমাগত লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি বিষয়টো মীমাংসা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এটা মন্ত্ৰীগোট গঠন কৰিছিল। যোৱা ১৫ ফেব্ৰুৱাৰিৰ দিনা তেওঁলোকে ইয়াৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ পঠিওৱাৰ কথা আছিল যদিও আজিও একো উমঘাম নাই সেই প্ৰতিবেদন বা মন্ত্ৰীগোটৰ কাম-কাজক লৈও কোনেও প্ৰশ্ন উত্থাপন কৰা নাই।

Apply Now

স্বাভাৱিকতে প্ৰশ্ন হয়, ‘ৰাজপথ উত্তাল’, ৰেইলপথ অৱৰোধ’, ‘অৰ্ধ উলংগ’ প্ৰতিবাদ ইত্যাদি কৰি জনজাতিকৰণৰ দাবী কৰি অহা ছয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব চৰকাৰৰ এই বঞ্ছনা সত্ত্বেও হঠাৎ নিমাত-নিশ্চুপ কিয়?

শেহতীয়া খবৰ মতে, জনজাতিকৰণ দাবী কৰি অহা ছয় জনগোষ্ঠীৰ অন্যতম আহোম জনগোষ্ঠীৰ তাই আহোম ছাত্ৰ সন্থা’ৰ উপদেষ্টা অশ্বিনী চেতিয়াই সংগঠন ত্যাগ কৰি গেৰুৱা বাহিনীত যোগদান কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

সৌ সিদিনালৈকে উজনি অসমত ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে হোৱা আন্দোলনসমূহৰ গুৰি ধৰোতা আছিল চেতিয়া। কিন্তু সেই নেতাজনে এতিয়া জনগোষ্ঠীকৰণৰ বিষয়টোত প্ৰতাৰণা কৰা বিজেপিৰে হাত শক্তিশালী কৰিবলৈ ওলোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইপিনে, ২৪ মাৰ্চত নতুনকৈ গঠিত হোৱা সদৌ অসম ফুটবল সন্থাৰ উপ -সভাপতিৰ পদত নিৰ্বাচিত কৰা হৈছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণক। সন্থাৰ সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী নৱ কুমাৰ দলে।

এনে ক্ষেত্ৰত ছয় জনগোষ্ঠীৰ দাবী কৰি অহা নেতাসকলক মুখ বন্ধ কৰোৱাৰ চেষ্টাত উঠি-পৰি লাগিছে নেকি বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখন?

“সদৌ ফুটবল সন্থাৰ উপসভাপতি হিচাপে মনোনীত কৰি অভাজনক ফুটবল উন্নয়নৰ কাৰণে অধিক সুযোগ দিয়া বাবে সংশ্লিষ্ট সকলো ব্যক্তিলৈ আন্তৰিক ধন্যবাদ জনালো। নৱ নিৰ্বাচিত সমিতিৰ সকলো ব্যক্তিলৈ শুভেচ্ছা জনালো। আশা ৰাখিছো, সকলোৰে পৰামৰ্শ আৰু সহযোগত নতুন সমিতিখনে নতুন গতি দিব পাৰিম।” এনেদৰে নিজৰ ফেইচবুক ৱালত পোষ্ট দিয়ে মৰাণ জনগোষ্ঠীয় সংগঠনৰ নেতাজনে।

মন কৰিবলগীয়া যে, ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত বৰ্তমানৰ বিজেপি চৰকাৰখনে আভুৱা ভাঁৰিলে যদিও বিগত ২ মাহ ধৰি মনে মনে আছে ছয় জনগোষ্ঠীৰ নেতৃত্ব।

নীৰৱতাৰ ৰহস্য বিচাৰি আজি নৰ্থ-ইষ্ট নাও-এ কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ চুতীয়া ছাত্ৰ সন্থা আৰু সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বৰে যোগাযোগ কৰে যদিও পূৰ্বতে উল্লেখ কৰা স্থিতিকেই দোহাৰে তেওঁলোকে।

প্ৰত্যেকজন নেতাকে সোধা হৈছিল যে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত বিজেপি চৰকাৰে আপোনালোকক প্ৰতাৰণা কৰিলে। কিন্তু ৰহস্যজনকভাৱে আপোনালোক নিমাত হৈ পৰিল কিয়?

উত্তৰত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গোকুল ব্ৰহ্মই কয় “যিহেতু ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিশালী দল হিচাপে দুটা দলেই আছে, গতিকে এই দুয়োটা দলেই আমাক প্ৰতাৰণা কৰিলে। বিকল্প বিচাৰি আমাৰ আলোচনা-বিলোচনা চলি আছে। সিদ্ধান্ত গ্ৰহণ নকৰাকৈ আমি পৰৱৰ্তী সময়ত কি পদক্ষেপ ল’ম সেয়া ঘোষণা কৰিব নোৱাৰো।”

একেই প্ৰশ্নত সদৌ চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ক্ষীৰোদ শইকীয়াই কয়, “আমি আমাৰ স্থিতিত অটল আছো। প্ৰত্যেকটো ৰাজনৈতিক দলেই কেৱল ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টোক নিৰ্বাচনী ইচ্ছ্যু হিচাপে গ্ৰহণ কৰি আহিছে। কিন্তু কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলেই আমাক প্ৰতাৰণা কৰিলে। এই বিষয়ক ৰাজনৈতিক ইচ্ছ্যু হিচাপে গ্ৰহণ নকৰি ছয় জনগোষ্ঠীৰ লোকসকলৰ আৱেগ-অনুভূতি বুজিবলৈ আমি আহ্বান জনাইছো।”

ইপিনে, মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণো তেওঁলোকৰ সংগঠনৰ স্থিতিত অটল থকা বুলি দোহাৰে আৰু লোকসভা নিৰ্বাচনৰ পাছতেই পুনৰবাৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ কথা দোহাৰে।

জনগোষ্ঠীকেইটাৰ নেতৃত্বৰ এই পালমৰা উত্তৰৰ পৰা এটা কথাত সন্দেহ হয় যে তেওঁলোকক নিজৰ জনগোষ্ঠীকেইটাৰ স্বাৰ্থৰ ক্ষেত্ৰত আপোচ কৰোৱাত বিজেপি সফল হৈছে নেকি?

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd