এ আই য়ু ডি এফৰ সহায় বিচাৰি এন পি পিৰ প্ৰাৰ্থীয়ে পত্ৰ লিখিলে বদৰুদ্দিন আজমললৈ

Nazia-Yasmin-Mazumder-NPP-candidate-

এন পি পিৰ প্ৰাৰ্থী নাজিয়া য়াছমিন(মাজত)। ফটো : নৰ্থ-ইষ্ট নাও

শিলচৰ সমষ্টিৰ নেশ্যনেল পিপলছ পাৰ্টী চমুকৈ এন পি পিৰ প্ৰাৰ্থী নাজিয়া য়াছমিন মজুমদাৰৰ এখন পত্ৰই এতিয়া ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে। আগন্তুক লোকসভা নিৰ্বাচনত সমষ্টিটোত বিজেপি আৰু কংগ্ৰেছক পৰাস্ত কৰিবলৈ এন পি পিৰ প্ৰাৰ্থীগৰাকীয়ে এ আই য়ু ডি এফৰ সহায় বিচাৰি পত্ৰ লিখিছে দলটোৰ প্ৰধান বদৰুদ্দিন আজমলক।

‘এই সম্বন্ধে মই মোৰ দলৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকলৰ লগত আলোচনা কৰিছো। শিলচৰ সমষ্টিত এ আই য়ু ডি এফৰ গণভিত্তি আছে তাৰোপৰি দলটোৰ ফালৰ পৰা সমষ্টিটোত কাকোৱে প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই সেয়ে তেওঁলোকৰ সমৰ্থন বিচাৰি আজমললৈ পত্ৰ প্ৰেৰণ কৰিছো’। নৰ্থ-ইষ্ট নাওৰ আগত এই মন্তব্য এন পি পিৰ প্ৰাৰ্থী নাজিয়া য়াছমিনৰ।

উল্লেখ্য যে এইবাৰৰ লোকসভা নিৰ্বাচনত এ আই য়ু ডি এফ দলে ১৪ টা সমষ্টিৰ মাত্ৰ তিনিটা সমষ্টিতহে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

য়াছমিনে আৰু কয়, ‘বদৰুদ্দিন আজমলে তেওঁলোকৰ দলীয় সমৰ্থকসকলক বিবেক ভোট তথা উপযুক্ত প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনাইছে। মই ভাবো এই কাৰ্যই আমাক সহায় কৰিব। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা আমিয়েই শিলচৰৰ একমাত্ৰ দল। সেয়ে মই সম্পূৰ্ণ বিশ্বাসী যে বিবেক ভোটসমূহ আমাৰ ফালে আহিব’।

ইফালে নাজিয়া য়াছমিনৰ হৈ প্ৰচাৰৰ বাবে মেঘালয়ৰ মুখ্য মন্ত্ৰী তথা এন পি পি প্ৰধান কনৰাড চাংমা শিলচৰলৈ আহিব বুলিও জানিবলৈ দিয়ে।

মন কৰিবলগীয়া যে শিলচৰ লোকসভা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব আগবঢ়াইছে বৰ্তমানৰ সাংসদ সুস্মিতা দেৱক আৰু বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৰাজদ্বীপ ৰয়ে।