কোনে দিলে এন আৰ চিৰ পৰা সন্দেহজনক লোকৰ নাম কৰ্তনৰ নিৰ্দেশ? কি আছে ১৩ জিলাৰ উপায়ুক্তলৈ লিখা চিঠিত?

a nrc

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীকলৈ বিভিন্ন পক্ষই ক্ষোভ তথা অসন্তুষ্টি ব্যক্ত কৰি থকাৰ সময়তে এনআৰচিৰ পৰা সন্দেহজনক লোকৰ নাম কৰ্তন কৰাৰ বাবে দিয়া এক নিৰ্দেশে বিশেষ তাৎপৰ্য বহন কৰিছে।

এনআৰচিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই শেহতীয়াকৈ ৰাজ্যৰ ১৩ খন জিলাৰ উপায়ুক্তলৈ লিখা পত্ৰত এই বুলি কৈছে যে এনআৰচিত বহু সন্দেহজনক লোকৰ নাম সন্নিবিষ্ট হৈ আছে।

এই সন্দেহজনক লোকসকলৰ ভিতৰত বিদেশী ন্যাধীকৰণে বিদেশী ঘোষণা কৰা লোকৰ নামৰ লগতে ডি ভোটাৰ আৰু বিদেশী ন্যায়াধীকৰণত গোচৰ চলি থকা লোকৰো নাম ইয়াত সন্নিবিষ্ট হৈ থকাৰ অভিযোগ উঠিছে।

উপায়ুক্তসকলক সন্দেহযুক্ত লোকক চিনাক্ত কৰি তেওঁলোকৰ নাম কৰ্তন কৰিবলৈ কোৱা হৈছে।

উল্লেখ্য এনআৰচিত নাম অন্তৰ্ভূ্ক্তিৰ বাবে আবেদন জনোৱা প্ৰায় ৩.৪ কোটি লোকৰ মাজৰে ১৯ লাখ লোকৰ নাম বাদ পৰিছিল।

অসম চৰকাৰে এনআৰচিত ৰৈ যোৱা বিসংগতি দূৰ কৰাৰ বাবে কমেও ১০-২০ শতাংশ পুনৰীক্ষণৰ পোষকতা কৰি আহিছে।

যদি শেহতীয়া নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ গৈ উপায়ুক্তসকলে পদক্ষেপ গ্ৰহণ কৰে তেন্তে বহু সন্দেহযুক্ত নাগৰিকৰ নাম এনআৰচিৰ পৰা কৰ্তন হোৱাৰ সম্ভাৱনাই বেছি।